অসম

assam

বঙাইগাঁৱত আক্ৰাছুৰ প্ৰতিষ্ঠা দিৱস উদযাপন

By

Published : Jul 29, 2020, 7:16 PM IST

বুধবাৰে বঙাইগাঁৱত উদযাপন কৰা হয় আক্ৰাছুৰ ৩০ সংখ‍্যক প্ৰতিষ্ঠা দিৱস । দুটা ভাগত বিভক্ত আক্ৰাছুৰ অৰুণ ৰায় গোটৰ নেতৃত্বাধীন আক্ৰাছুৰ দ্বাৰা অনুষ্টুপীয়াকৈ আয়োজিত প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ পতাকা উত্তোলন কৰে আক্ৰাছুৰ সভাপতি অৰুণ ৰায়ে ।

Bongaigaon AKRSU foundation day
বঙাইগাঁৱত আক্ৰাছুৰ প্ৰতিষ্ঠা দিৱস উদযাপন

বঙাইগাঁও,২৯ জুলাই: বুধবাৰে বঙাইগাঁৱত সদৌ অসম কোঁচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছুৰ ৩০ সংখ‍্যক প্ৰতিষ্ঠা দিৱসটি উদযাপিত হৈ যায় । বঙাইগাঁৱৰ আক্ৰাছুৰ শ্বহিদ বেদীস্থিত মুখ‍্য কাৰ্য‍ালয়ত ক'ৰণাৰ নীতি নিৰ্দেশনা পালন কৰি অতি অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰা হয় প্ৰতিষ্ঠা দিৱসৰ এই কাৰ্যসূচী ।

বঙাইগাঁৱত আক্ৰাছুৰ প্ৰতিষ্ঠা দিৱস উদযাপন

আক্ৰাছুৰ সাধাৰণ সম্পাদক গোকুল বৰ্মনে আঁত ধৰা প্ৰতিষ্ঠা দিৱসৰ এই কাৰ্যসূচীত সন্থাৰ পতকা উত্তোলন কৰে আক্ৰাছুৰ সভাপতি অৰুণ ৰায়ে । লগতে সন্থাৰ মহিলা সমিতি আৰু চিলাৰায় সেনাৰ পতাকা উত্তোলন কৰে পূৰবী সৰকাৰ আৰু উপাধ‍্যক্ষ দেৱৰঞ্জন মণ্ডলে । সাংস্কৃতিক মঞ্চৰ পতাকা উত্তোলন কৰে সম্পাদক প্ৰদীপ তালুকদাৰে ‌।

বঙাইগাঁৱত আক্ৰাছুৰ প্ৰতিস্থা দিৱস উদযাপন

এই অনুস্থানটোতে জিলাখনৰ সাংবাদিক সকলৰ লগতে আক্ৰাছুৰ প্ৰাক্তন কৰ্মকৰ্তা সকলকো সম্বৰ্ধনা জ্ঞাপন কৰা হয় । প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আক্ৰাছু সভাপতি অৰুণ ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত অসম সাহিত‍্য সভাৰ প্ৰাক্তন সভাপতি পৰমানন্দ ৰাজবংশীকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰে ।

প্ৰতিষ্ঠা দিৱসৰ এই সভাৰ পৰাই কোচ ৰাজবংশী সকলৰ বাবে মাত মাতি অহা আক্ৰাছুৰ দীৰ্ঘদিনীয়া দাবী সমূহ আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বেই সমাধান কৰাৰ দাবীৰে চৰকাৰক জনালে আহ্বান ।

লগতে চাওকঃ বানাতংক অসম : মৃতকৰ সংখ্যা 104 গৰাকীলৈ বৃদ্ধি

ABOUT THE AUTHOR

...view details