বঙাইগাঁও,16 ডিচেম্বৰঃ অসমীয়াৰ আৱেগক চৰম বিশ্বাসঘাটকতা কৰা অসম গণ পৰিষদে অৱশেষত মাৰিলে ওলোটা খৰ ৷ নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিবাদত বঙাইগাঁৱত প্ৰতিবাদী সমদল উলিয়ালে অগপই ৷ বঙাইগাঁও জিলা অগপ কাৰ্যালয়ৰ পৰা দুই শতাধিক তৃণমূল পৰ্যায়ৰ দলীয় সমৰ্থকে বাহিৰ কৰে নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদী সমদল। কিন্তু এই প্ৰতিবাদী সমদলত দেখা নগ’ল অগপৰ মন্ত্ৰী-বিধায়কক ৷
অগপৰ নাটকঃ নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদী সমদল - Bongaigaon AGP rally against CA(A)
অৱশেষত সাৰ পোৱাৰ নাটক ৰচিলে অগপই ৷ নাগৰিকত্ব সংশোধনী আইনৰ সম্পৰ্কত স্থিতি সলালে অগপই ৷ প্ৰতিবাদী সমদলত নামিল বঙাইগাঁও জিলা অগপৰ তৃণমূল পৰ্যায়ৰ দলীয় সমৰ্থক ৷
![অগপৰ নাটকঃ নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদী সমদল Bongaigaon AGP rally against CA(A)](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5390458-thumbnail-3x2-bonagi.jpg)
অগপই উলিয়ালে নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদী সমদল
অগপই উলিয়ালে নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদী সমদল
এই সমদল জিলা উপায়ুক্ত কাৰ্যালয় আৰু জিলা কংগ্ৰেছ কাৰ্যালয় ৰাজীব ভৱনৰ সন্মুখেৰে আহি পুনৰ অগপ কাৰ্যালয়লৈ গৈ সমাপ্ত কৰে। সমদলৰ সময়তে জিলা উপায়ুক্তৰ জৰিয়তে প্ৰধানমন্ত্ৰীলৈ অসমত এই আইন বলৱৎ নকৰিবলৈ প্ৰেৰণ কৰে স্মাৰক পত্ৰ। আনহাতে বঙাইগাঁও জিলা অগপৰ মহিলা কোষৰ সভানেত্ৰী লিনা সিংহই কয় যে পলমকৈ হ’লেও আমি দলীয় সিদ্ধান্ত মৰ্মে প্ৰতিবাদ কৰিবলৈ ওলাই আহিছো আৰু এই আইনৰ বিৰোধিতা কৰিছো ৷