অসম

assam

By

Published : Oct 16, 2020, 10:52 PM IST

ETV Bharat / state

বঙাইগাঁৱত আধাৰ কাৰ্ডৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ

বঙাইগাঁও জিলাৰ যোগীঘোপাৰ বালাপাৰা গাঁৱ পঞ্চায়তত স্থাপিত আধাৰ ফৰ্ম আৰু কাৰ্ডৰ নামত লুণ্ঠনৰ মুকলি বজাৰ পাতি প্ৰতিজন নাগৰিকৰ পৰা ৩০০ ৰ পৰা ৭০০ টকাকৈ সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে ।

bongaigaon-adhar-center-locked-by-public
বঙাইগাঁৱত আধাৰ কাৰ্ডৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ

বঙাইগাঁও, 16 অক্টোবৰ : ক্ৰমাৎ প্ৰহসনত পৰিণত হোৱাৰ দিশত গতি কৰিছে ৰাজ্যত চলি থকা আধাৰকাৰ্ড প্ৰস্তুতৰ কাম । ৰাজকোষৰ কোটি কোটি টকা ব্যয় কৰি চলি থকা এই চৰকাৰী কামৰ হাজাৰটা বিসংগতি শেহতীয়াকৈ ৰাজ্যৰ চাৰিওফালে পোহৰলৈ আহিছে । ইয়াৰ লগতে পুৱাৰ পৰা দীঘলীয়া লাইন পাতি এখন ফৰ্মৰ বাবে হাহাকাৰ কৰিব লগা হোৱা প্ৰতিজন লোকক আধাৰ কাৰ্ডৰ মূল মাষ্টাৰ কাৰ্ডখন প্ৰস্তুত কৰি দিয়াৰ নামত যে এক ভয়ংকৰ দুৰ্নীতি সংঘটিত হৈছে সেয়া ক্ৰমাৎ পোহৰলৈ আহিছে । বঙাইগাঁও জিলাৰ যোগীঘোপাৰ বালাপাৰা গাঁও পঞ্চায়তত স্থাপিত আধাৰ ফৰ্ম আৰু কাৰ্ডৰ নামত লুণ্ঠনৰ মুকলি বজাৰ পাতি প্ৰতিজন নাগৰিকৰ পৰা ৩০০ৰ পৰা ৭০০ টকাকৈ সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে। এই কেলেংকাৰীৰ খলনায়ক আধাৰ কেন্দ্ৰ টোৰ চুপাৰভাইছাৰ জাহানদ্দিন। এই আধাৰ চেণ্টাৰটো আধাৰৰ নামত সৰ্বসাধাৰণক দিন দুপৰতে চলোৱা লুণ্ঠনৰ জৰিয়তে প্ৰতিষ্ঠানটোৱে উক্ত পঞ্চায়তৰ প্রায় ১ লাখ জনসাধাৰণক এই দৰে প্ৰতাৰিত কৰি কম সময়তে কোটি টকা লুণ্ঠনৰ জাল পাতিছে বুলি অভিযোগ উত্থাপন হৈছে ।

বঙাইগাঁৱত আধাৰ কাৰ্ডৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ

এই সন্দৰ্ভত জিলা প্ৰশাসনক অৱগত কৰোৱা হৈছে যদিও কিন্তু প্ৰশাসনে এই লুণ্ঠনৰাজ বন্ধৰ আশ্বাস দিয়াৰ বাদে কোনো ব্যৱস্থা ব্যৱস্থা নোলোৱাৰো অভিযোগ উত্থাপন হৈছে ।
শুকুৰবাৰে আধাৰ কাৰ্ডৰ বাবে উপস্থিত হোৱা লোক সকলে টকা নিদিলে ফৰ্মো নিদিয়ে আৰু কাৰ্ডো নিদিয়াত উত্তেজিত হৈ কেন্দ্ৰটোত ওলমালে তলা। এতিয়া বঙাইগাঁও জিলা প্ৰশাসন আৰু উত্তৰ শালমাৰা মহকুমা প্ৰশাসনে আধাৰ কাৰ্ডৰ নামত চলা এনে দুৰ্নীতি ৰোধৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়তহে লক্ষণীয় হ‘ব ৷

লগতে পঢ়ক: কল্পনা পাটোৱাৰীৰ সৈতে ইটিভি ভাৰতৰ আছুতীয়া সাক্ষাৎকাৰ

ABOUT THE AUTHOR

...view details