বঙাইগাঁও,30 অক্টোবৰঃ বঙাইগাঁও জিলাৰ অভয়াপুৰীত ছাত্ৰবৃত্তিৰ নামত ভয়ংকৰ জালিয়াতিৰ ঘটনা পোহৰলৈ আহিছে । অভিযোগ অনুসৰি বিদ্যালয় কৰ্তৃপক্ষৰ স’তে গোপন বুজা বুজিৰে অভয়াপুৰীৰ এখন বিশেষ ইন্টাৰনেট কেফেই চলাইছে অবাধ লুণ্ঠন। কেফেখনৰ নাম NM Service Point and Internet Cafe অভয়াপুৰীৰ ঐতিহ্যমণ্ডিত বিদ্যালয়ৰ অভয়েশ্বৰী উচ্চতৰ মাধ্যমিক আৰু বহুমূখী বিদ্যালয়ৰ একাংশ শিক্ষক তথা কৰ্মচাৰীৰে মিলি ছাত্ৰবৃত্তিৰ নামত কেফেখনে চলাইছিল অবাধ লুণ্ঠন । বিদ্যালয়খনৰ পৰ্টেলৰ Login ID আৰু Password গোপনে কেফেখনক যোগান ধৰিছিল বিদ্যালয় কৰ্তৃপক্ষই। তাৰ পিচতে কেফে খনে চলাই গৈছিল ছাত্ৰ বৃত্তিৰ ধনৰ বৃহৎ কেলেংকাৰী ।
বঙাইগাঁৱত ছাত্ৰ বৃত্তিৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ - ঐতিহ্যমণ্ডিত বিদ্যালয়ৰ অভয়েশ্বৰী উচ্চত
বঙাইগাঁও জিলাৰ অভয়াপুৰীত ছাত্ৰ বৃত্তিৰ ধনৰ বৃহৎ কেলেংকাৰী। অভেয়শ্বৰী এইচ এচ কৰ্তৃপক্ষৰে মিলি ব্যাক্তিগত ইন্টাৰনেট কেফেৰ এই দুৰ্নীতি চলোৱাৰ অভিযোগ । তিনিজনক আটক কৰি সমগ্ৰ ঘটনাৰ সৰ্ন্দভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ।
উল্লেখিত কেফেখনৰ পৰাহে ছাত্ৰবৃত্তিৰ আবেদন কৰিলে হয় গ্ৰহণযোগ্য। আন কেফেৰ পৰা ছাত্ৰবৃত্তিৰ আবেদন কৰিলে হয় নাকচ। বিদ্যালয়ৰ স্বয়ং অধ্যক্ষা মীনাকুমাৰী মণ্ডলে ছাত্ৰ-ছাত্ৰীক নিৰ্দেশ দিছিল এই কেফেখনত ছাত্ৰ বৃত্তিৰ প্ৰ-পত্ৰ পূৰণ কৰাৰ বাবে। এজন ছাত্ৰৰ পৰা ৫০০ টকাকৈ প্ৰ-পত্ৰ পূৰণৰ নামত সংগ্ৰহ কৰিছিল কেফেখনে। প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ পৰা ৫০০ টকাকৈ লোৱাৰ তথ্য পোহৰলৈ অহাৰ পিছত নিজক বচাবলৈ অভয়েশ্বৰী উচ্চতৰ মাধ্যমিক আৰু বহুমূখী বিদ্যালয়ৰ অধ্যক্ষাৰ অভয়াপুৰী থানাত এজাহাৰ। বিদ্যালয়ৰ ইউজাৰ আই ডি আৰু পাছৱৰ্ড হেক কৰাৰ অভিযোগ তুলি এজাহাৰ দাখিল কৰে। সমগ্ৰ ঘটনা তদন্তৰ দাবী বঙাইগাঁও আছুৰ। । ঘটনা সন্দৰ্ভত অভয়াপুৰী আৰক্ষীৰ অভিযান আৰম্ভ। আটক কেফেৰ ৩ গৰাকী ব্যক্তি। ব্যক্তি ৩ গৰাকীৰ নাম মকিবুল ইছলাম, আশ্ৰাফুল ইছলাম আৰু নুৰ মহম্মদ। আৰক্ষীৰ তালাচী চলাইছে কেফেখনত। জব্দ কৰিছে কম্পিউটাৰ,লেপটপকে ধৰি বহু নথি-পত্ৰ। ভুৱা তথ্যৰে ছাত্ৰৰ নামত ছাত্ৰবৃত্তি আত্মসাৎ কৰাৰ সন্দেহ কেফেখনৰ বিৰুদ্ধে। তিনিবছৰ ধৰি কেফেখনত চলি আছিল এই দুষ্কাৰ্য।