অসম

assam

By

Published : Aug 8, 2020, 7:44 PM IST

ETV Bharat / state

যোগীঘোপাত বান আৰু গৰাখহনীয়া প্ৰতিৰোধৰ দাবীত আমছুৰ প্ৰতিবাদ

বঙাইগাঁও জিলাৰ যোগীঘোপাৰ বৃহৎ অঞ্চল দীৰ্ঘদিনৰ পৰাই বান আৰু গৰাখহনীয়াৰ কৱলত থকাৰ পিচতো বঙাইগাঁও জিলা প্ৰশাসনে কোনো ধৰণৰ ব‍্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই ।

Bongaigaon AAMSU protest for erosion
যোগীঘোপাত বান আৰু গৰাখহনীয়া প্ৰতিৰোধৰ দাবীত আমছুৰ প্ৰতিবাদ

যোগীঘোপা, 8 আগষ্ট: ৰাজ্যৰ বিভিন্ন স্থানত কালৰূপ ধাৰণ কৰিছে নৈৰ গৰাখহনীয়াই। বঙাইগাঁওৰ যোগীঘোপাৰ চটপাৰাতো দেখা গ'ল ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ ভয়ংকৰ ৰূপ ।

যোগীঘোপাত বান আৰু গৰাখহনীয়া প্ৰতিৰোধৰ দাবীত আমছুৰ প্ৰতিবাদ

ব্ৰহ্মপুত্ৰৰ ভয়ানকৰ গৰাখহনীয়াত জাহ গৈছে বহু কৃষি ভূমিৰ লগতে শতাধিক বাসগৃহ।

যোগীঘোপাত বান আৰু গৰাখহনীয়া প্ৰতিৰোধৰ দাবীত আমছুৰ প্ৰতিবাদ

এনে পৰিস্থিতিত বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত শনিবাৰে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ যোগীঘোপা আঞ্চলিক সমিতিৰ উদ্যোগত যোগীঘোপাৰ চটপাৰাত গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ লগতে ক্ষতিগ্ৰস্থ লোকক পুনৰ সংস্থাপনৰ দাবীত এক বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে।

যোগীঘোপাত বান আৰু গৰাখহনীয়া প্ৰতিৰোধৰ দাবীত আমছুৰ প্ৰতিবাদ

আজিৰ এই কাৰ্যসূচীত বঙাইগাঁও জিলা উপায়ুক্ত, বঙাইগাঁও জিলা প্ৰশাসন, অভয়াপুৰীৰ মহকুমা প্ৰশাসনৰ লগতে মন্ত্ৰী কেশৱ মহন্তক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে ।

যোগীঘোপাত বান আৰু গৰাখহনীয়া প্ৰতিৰোধৰ দাবীত আমছুৰ প্ৰতিবাদ
উল্লেখ্য যে, বঙাইগাঁও জিলাৰ যোগীঘোপাৰ বৃহৎ অঞ্চল দীৰ্ঘদিনৰ পৰাই বান আৰু গৰাখহনীয়াৰ কৱলত থকাৰ পিচতো বঙাইগাঁও জিলা প্ৰশাসনে কোনো ধৰনৰ ব‍্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই । লগতে পঢ়ক :গৰ্ভৱতী পত্নীক ইহ সংসাৰত এৰি গ'ল সহ-পাইলট অখিলেশ কুমাৰে

ABOUT THE AUTHOR

...view details