অসম

assam

ETV Bharat / state

মিঞা মিউজিয়াম সন্দৰ্ভত প্ৰতিক্ৰিয়া আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ - সদৌ অসম সংখ‍্যালঘু ছাত্ৰ ইউনিয়ন

মিঞা মিউজিয়াম সন্দৰ্ভত প্ৰতিক্ৰিয়া আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ ৷ চৰকাৰক ধৰ্মীয় ৰাজনীতি নকৰিবলৈ আহ্বান সভাপতি গৰাকীৰ ৷

Bongaigaon AAMSU president reaction on Miya Museum
মিঞা মিউজিয়াম সন্দৰ্ভত প্ৰতিক্ৰিয়া আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ

By

Published : Oct 28, 2020, 10:47 PM IST

বঙাইগাঁও, 28 অক্টোবৰ :অসমত শেহতীয়াকৈ সৃষ্টি হোৱা মিঞা মিউজিয়াম সন্দৰ্ভত আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ সদৌ অসম সংখ‍্যালঘু ছাত্ৰ ইউনিয়ন (আমছু) ৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে জনোৱা অনুসৰি, সকলো জাতি-জনগোষ্ঠীৰ নিজৰ কলা-কৃষ্টি সংৰক্ষণ কৰাৰ অধিকাৰ আছে । কলা-কৃষ্টি সংৰক্ষণৰ বাবে চৰকাৰৰ ওচৰত দাবী জনাব পাৰে । তাকে লৈ চৰকাৰে ৰাজনীতি কৰা কাৰ্য‍ৰ তীব্ৰ নিন্দা জনাই আমছুৰ সভাপতিজনে ।

তেওঁ আকৌ কয় যে, বিজেপিয়ে নিজৰ দুৰ্বলতা,বিভিন্ন দুৰ্নীতি আদি ঢাকিবলৈ এই বিতৰ্কৰ সৃষ্টি কৰিছে বুলি অভিযোগ কৰে আমছুৰ সভাপতি গৰাকীয়ে । ইফালে,চৰ-চাপৰিত বাস কৰা সকল তথা মিঞা সকল বাংলাদেশী বুলি কোৱা হিমন্ত বিশ্ব শৰ্মাক প্ৰত‍্যাহ্বান জনাই কয় যে,যদিহে এজনো বাংলাদেশী লোক আছে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু অসম চৰকাৰে সেই সকলক চিনাক্ত কৰি বাংলাদেশলৈ প্ৰেৰণ কৰক । অন‍্যথা ধৰ্মীয় ৰাজনীতি নকৰিবলৈ আহ্বান জনাই সভাপতি গৰাকীয়ে ৷

লগতে পঢ়ক :বিটিচিত ৰাজ্যপালৰ শাসন বাতিলৰ দাবীত অবড়ো সুৰক্ষা সমিতিৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details