বঙাইগাঁও,18মাৰ্চঃড্ৰাগছৰ ঘাটিলৈ পৰিণত হৈছে বঙাইগাঁৱৰ বিভিন্ন অঞ্চল ৷ বঙাইগাঁও চহৰৰ বৰপাৰাত উৎখাত ড্ৰাগছৰ ঘাটি ৷ ড্ৰাগছ সৰবৰাহকাৰী সহ তিনি ড্ৰাগছ আসক্ত যুৱক আটক ৷ জানিব পৰা মতে,এটা ভাৰা ঘৰৰ পৰা চলাই আহিছিল এই ৰমৰমীয়া ড্ৰাগছৰ বেপাৰ ৷ দৈনিক নতুন নতুন যুৱক যুৱতীৰ আগমন ঘটে এই বিশেষ ভাৰা ঘৰটোলৈ ৷ স্থানীয় ৰাইজৰ সন্দেহ হোৱাত বুধবাৰে আটক কৰি আৰক্ষীক গতাই দিয়ে যুৱককেইজনক ৷ আটক যুৱককেইজনৰ নাম, হৃষিকেশ দাস,ব্ৰায়ন চাপ্ৰামাৰী,বিভান চাপ্ৰামাৰী আৰু পৱন ৰাও ৷
বঙাইগাঁৱত ড্ৰাগছৰ ঘাটি উৎখাত - drugs pedler arrest at bongaigaon
ড্ৰাগছৰ ঘাটিলৈ পৰিণত হৈছে বঙাইগাঁৱৰ বিভিন্ন অঞ্চল ৷ ড্ৰাগছ সৰবৰাহকাৰীসহ তিনি ড্ৰাগছ আসক্ত যুৱক আটক ৷
![বঙাইগাঁৱত ড্ৰাগছৰ ঘাটি উৎখাত Bongaigaon 3 drugs pedler arrest](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6450219-thumbnail-3x2-a.jpg)
বঙাইগাঁৱত উৎখাত ড্ৰাগছৰ ঘাটি
Last Updated : Mar 18, 2020, 12:31 PM IST