অসম

assam

ETV Bharat / state

বঙাইগাঁও আৰক্ষীয়ে উদ্ধাৰ কৰিলে গাঞ্জা

বঙাইগাঁৱৰ অভয়াপুৰীত আৰক্ষীৰ অভিযানত লক্ষাধিক টকাৰ গাঞ্জা জব্দ ৷ ঘটনা সংক্ৰান্ত আটক 2 ।

By

Published : Apr 14, 2021, 9:21 PM IST

বিহুৰ দিনা আৰক্ষীয়ে জদ্ধ কৰে বৃহৎ পৰিমাণৰ গাঞ্জা
বিহুৰ দিনা আৰক্ষীয়ে জদ্ধ কৰে বৃহৎ পৰিমাণৰ গাঞ্জা

বঙাইগাঁও,14 এপ্ৰিল: বঙাইগাঁৱৰ অভয়াপুৰীত আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা ৷ অভয়াপুৰীৰ বৰঘোলা আৰক্ষী চকীৰ অন্তৰ্গত পাহাৰতলীৰ টিলাপাৰাত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে প্ৰায় ১০ কিল’গ্ৰাম গাঞ্জা ৷ ঘটনা সংক্ৰান্তত গাঞ্জাসহ AS 26 8338 নম্বৰৰ এখন স্কুটী জব্দ কৰে আৰক্ষীয়ে ৷

বিহুৰ দিনা আৰক্ষীয়ে জদ্ধ কৰে বৃহৎ পৰিমাণৰ গাঞ্জা

লগতে আৰক্ষীয়ে কৰায়ত্ত কৰে বৰঘোলা নিবাসী আজিমুদ্দিন আৰু সম্বাৰু নাথ নামৰ দুজন গাঞ্জা সৰবৰাহকাৰীক ৷ জব্দ কৃত গাঞ্জাখিনি প্ৰায় এক লক্ষাধিক টকাৰ বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক :চাপৰত আজিৰে পৰা তিনিদিনীয়াকৈ ৰঙালী বিহু উদযাপন

ABOUT THE AUTHOR

...view details