অসম

assam

ETV Bharat / state

কৃত্ৰিম বানত স্তব্ধ নিউ বঙাইগাঁও ৰেলৱে ৱৰ্কশ্বপ

নেৰানেপেৰা বৰষুণে নিউ বঙাইগাঁও ৰেলৱে কাৰখানাত সৃষ্টি কৰিছে কৃত্ৰিম বানৰ,পানীৰ তলত কোটি টকীয়া যন্ত্ৰ, দুদিন ধৰি কাম কাজ স্থগিত

কৃত্ৰিম বানত স্তব্ধ নিউ বঙাইগাঁও ৰেলৱে ৱৰ্কশ্বপ

By

Published : Jul 23, 2019, 3:55 PM IST

চিৰাং, 23 জুলাইঃ দেওবাৰৰ পৰা হোৱা নেৰানেপেৰা বৰষুণৰ ফলত নিউ বঙাইগাঁও ৰেলৱে কাৰখানাত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ ৷ বৰ্তমানেও বৰষুণৰ ফলত সৃষ্টি হোৱা কৃত্ৰিম বানে সমগ্ৰ ৰেলৱে চৌহদটো বুৰাই ৰাখিছে যাৰ বাবে দুদিন ধৰি কাম কাজ বন্ধ হৈ আছে ৰেল বিভাগৰ ৷ উল্লেখযোগ্য যে,উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ৰেল দবা নিৰ্মাণ তথা মেৰামতি কাৰখানা ৰূপে খ্যাত এই ৰেলৱে কাৰখানাটোৰ বহু কোটি টকীয়া যন্ত্ৰ এতিয়াও পানীৰ তলত সোমাই আছে ৷ স্থানীয় সচেতন মহলে ৰেল বিভাগৰ উদাসীনতাৰ বাবেই কাৰখানাটোৰ এই অৱস্থা হৈছে বুলি অভিযোগ উত্থাপন কৰিছে ৷ লগতে নলা নৰ্দমা সমূহ পৰিষ্কাৰ নকৰাৰ ফলত বৰষুণৰ পানী ওলাব নোৱাৰা হৈ কৃত্ৰিম বানৰ সৃষ্টি হৈছে বুলিও অভিযোগ উঠিছে ৷ ইয়াৰোপৰি একাংশই নিউ বঙাইগাঁৱৰ ৰেল ৱৰ্কশ্বপটো বেলেগ ঠাইলৈ স্থানান্তৰিত কৰাৰ বাবেও ষড়যন্ত্ৰত লিপ্ত হৈ আহিছে ৷ এনে প্ৰেক্ষাপটত অসম তথা কেন্দ্ৰীয় চৰকাৰে এই ৰেলৱে কাৰখথানাটো ৰক্ষাৰ বাবে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰে সেয়া নিশ্চয়কৈ লক্ষ্যণীয় হ'ব ।

কৃত্ৰিম বানত স্তব্ধ নিউ বঙাইগাঁও ৰেলৱে ৱৰ্কশ্বপ

ABOUT THE AUTHOR

...view details