বঙাইগাঁও, 20 ফেব্ৰুৱাৰীঃযিসময়ত অসমলৈ আগমণ ঘটে শ শ পৰিভ্ৰমী চৰাইৰ, তেনে সময়তে বঙাইগাঁৱৰ অন্তৰ্গত টেঙাইগাঁৱৰ দেৱদাস সিংহ নামৰ লোকজনে, নিজৰ বগৰী খেতি ৰক্ষাৰ স্বাৰ্থত, জাল পাতি থোৱাৰ ফলত সেই জালত লাগি, কৰুণ মৃত্যুক সাৱটিছে শ শ চৰাইয়ে ৷ দেশী-বিদেশী বিভিন্ন প্ৰজাতিৰ চৰাইৰ মৃতদেহ সমূহ উলমি ৰৈছে সেই জালত ৷ কিন্তু অলপো যেন আক্ষেপ নাই লোকগৰাকীৰ ৷
বঙাইগাঁৱত মৃত্যুমুখত পৰিছে শ শ দেশী-বিদেশী চৰাই
নিজৰ বগৰী খেতি ৰক্ষাৰ স্বাৰ্থত, জাল পাতি থোৱাৰ ফলত সেই জালত লাগি মৃত্যুমুখত পৰিছে শ শ দেশী-বিদেশী চৰাই ৷ বঙাইগাঁৱৰ অন্তৰ্গত টেঙাইগাঁৱৰ দেৱদাস সিংহ নামৰ লোকজনৰ এই কাৰ্যক বন্যপ্ৰাণী আইন বিৰোধী কাৰ্য হিচাপে আখ্যা দিছে এগৰাকী প্ৰকৃতি প্ৰেমীয়ে ৷
বঙাইগাঁৱত মৃত্যুমুখত পৰিছে শ শ দেশী-বিদেশী চৰাই
লোকজনৰ এই কাৰ্যক বন্যপ্ৰাণী আইনবিৰোধী কাৰ্য হিচাপে আখ্যা দিছে এগৰাকী প্ৰকৃতি প্ৰেমীয়ে ৷ যিটোক অতি নিকৃষ্ট বুলি কয় প্ৰকৃতি প্ৰেমীগৰাকীয়ে ৷ তেওঁৰ আহ্বান দেৱদাস সিংহ নামৰ লোকগৰাকীয়ে যাতে তেওঁৰ খেতিত এনেধৰণৰ জাল ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে, সাধাৰণ জাল ব্যৱহাৰ কৰে ৷