মাণিকপুৰ, 4 ছেপ্তেম্বৰ: শৃংখল চলিহাৰ বিৰুদ্ধে বাঙালী সংগঠনে দিয়া এজাহাৰ প্ৰত্যাহাৰ কৰাৰ দাবীত শনিবাৰে বঙাইগাঁও জিলাৰ মাণিকপুৰ 31নং ৰাষ্ট্ৰীয় ঘাইপথত বীৰ লাচিত সেনাই এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷
উল্লেখযোগ্য যে, বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক শৃংখল চলিহাৰ ওপৰত বাঙালী ফেডাৰেশ্বন নামৰ সংগঠনটোৱে এজাৰ দাখিল কৰাৰ বিৰুদ্ধে জাঙুৰ খাই পৰিছে বীৰ লাচিত সেনাৰ মানিকপুৰ আঞ্চলিক সমিতি ৷
শনিবাৰে মাণিকপুৰৰ মাজ মজিয়াত বীৰ লাচিত সেনাৰ মাণিকপুৰ আঞ্চিলক সমিতিৰ সভাপতি জীতেন্দ্ৰ কলিতা আৰু ছফিৰুদ্দিন আহমেদ বাঙালী ফেডাৰেশ্বনৰ সভাপতি,সম্পাদৰ বিৰুদ্ধে সুচ্ছাৰ হৈ পৰে ৷
বাঙালী ফেডাৰেশ্বনৰ বিৰুদ্ধে মাণিকপুৰত বীৰ লাচিত সেনাৰ প্ৰতিবাদ লগতে প্ৰতিবাদকাৰী সকলে বাঙালী ফেডাৰেশ্বন হুচিয়াৰ, দীপক দে মুৰ্দাবাদ, প্ৰদীপ দত্ত ৰায় হুচীয়াৰ আদি বিভিন্ন শ্ল’গান দি প্ৰতিবাদস্থলী উত্তাল কৰি তুলে ৷
বীৰ লাচিত সেনাৰ মাণিকপুৰ আঞ্চলিক সমিতিয়ে দাবী জনাই, অতি শীঘ্ৰে শৃংখল চলিহাৰ বিৰুদ্ধে দিয়া গোচৰ উঠাই নললে বীৰ লাচিত সেনাই সংগঠনটোৰ বিৰুদ্ধে সমগ্ৰ অসমতে গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব ৷
ইফালে তাৰ মাজতে বাঙালী সংগঠনক কঠোৰ সকীয়নি মটক ছাত্ৰ সন্থাৰ উপদেষ্টা যুগল বৰুৱাৰ । বীৰ লাচিত সেনাৰ সাংগঠনিক সম্পাদক শৃংখল চলিহাৰ ওপৰত বাঙালী সংগঠনে এজাহাৰ দাখিল কৰি যি ভয় দেখুৱাইছে, তাক কেতিয়াও মানি লোৱা নহ'ব বুলি কয় মটক ছাত্ৰ সন্থাৰ উপদেষ্টা গৰাকীয়ে । লগতে তথাকথিত বাঙালী সংগঠনটোৱে অসমীয়া জাতিৰ ওচৰত হেয় প্ৰতিপন্নহে হ'ব বুলি কয় নেতা গৰাকীয়ে ।
লগতে পঢ়কঃ হোজাইত মেট্ৰিকৰ চাৰ্টিফিকেট দিয়াৰ নামত শিক্ষাৰ্থীৰ পৰা ধন সংগ্ৰহ