অসম

assam

ETV Bharat / state

মানিকপুৰত নিজ ভূমিৰ পৰাই উচ্ছেদিত হ'ল এটা পৰিয়াল - মানিকপুৰত নিজ ভূমিৰ পৰাই উচ্ছেদিত হ'ল এটা পৰিয়াল

মানিকপুৰৰ 2নং বাশবাৰীত প্ৰশাসনৰ উচ্ছেদ অভিযান । এটা গাঁৱলীয়া পথ মুকলি বাবে বিজনী প্ৰশাসনে চলালে উচ্ছেদ অভিযান ৷ প্ৰশাসনৰ এই উচ্ছেদত নিজ ভূমিতে উচ্ছেদিত হ'বলগীয়া হয় এটা পৰিয়াল ৷

নিজ ভূমিৰ পৰাই উচ্ছেদিত হ'ল এটা পৰিয়াল

By

Published : May 14, 2019, 7:12 PM IST

বঙাইগাঁও, 14 মে' : বিজনী ৰাজহ চক্ৰৰ অন্তৰ্গত মানিকপুৰৰ 2নং বাশবাৰীত প্ৰশাসনৰ উচ্ছেদ অভিযান । এটা গাঁৱলীয়া পথ মুকলি বাবে বিজনী প্ৰশাসনে এজন লোকৰ ঘৰত চলালে উচ্ছেদ অভিযান । দীৰ্ঘদিনৰ পৰাই গাঁওখনৰ এটা পথ মহিন উদ্দিন নামৰ এগৰাকী লোকৰ মাটিৰ ওপৰেদি চলি আছিল ৷ যদিও মহিন উদ্দিনে নিজৰ মাটিত ঘৰ বন্ধাত বন্ধ হৈ পৰে পথচোৱা ।

নিজ ভূমিৰ পৰাই উচ্ছেদিত হ'ল এটা পৰিয়াল

তাৰ পাচতেই একাংশ ৰাইজৰ অভিযোগ কৰাত সোমবাৰে জাননী প্ৰেৰণ মঙলবাৰে প্ৰশাসনৰ লোকে চলালে উচ্ছেদ অভিযান ৷ মহিন উদ্দিনৰ বাসগৃহটো ভাঙি মুকলি কৰি দিয়ে পথচোৱা । ফলত নিজৰ মাটিতে ঘৰ বান্ধি উচ্ছেদিত হ'বলগীয়া হয় লোকজন ৷ ইয়াকে লৈ অঞ্চলটোত একাংশ ৰাইজৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ।

ABOUT THE AUTHOR

...view details