অসম

assam

ETV Bharat / state

Bharat Jodo Yatra: লোকসভা নিৰ্বাচনত ৮ খন আসন কংগ্ৰেছে দখল কৰিব: ভূপেন বৰা - APCC president Bhupen Bora criticised BJP

ভাৰত জোড়ো যাত্ৰাই (Bharat Jodo Yatra from Dhubri) দেওবাৰে বঙাইগাঁও জিলাত প্ৰৱেশ কৰে । অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ নেতৃত্বত আৰম্ভ হৈছে ভাৰত জোড়ো যাত্ৰা । উক্ত অভিযানত প্ৰদেশ কংগ্ৰেছৰ সভাপতি বৰাই কয় যে বিজেপি আৰু এ আই ইউ ডি এফৰ মাজত গোপন বুজাবুজি আছে ।

Bharat Jodo Yatra
লোকসভা নিৰ্বাচনত ৮ খন আসন কংগ্ৰেছে দখল কৰিব:ভূপেন

By

Published : Nov 6, 2022, 4:44 PM IST

বঙাইগাঁও, ৬ নৱেম্বৰ:মন্দিৰ, মছজিদত প্ৰাৰ্থনা আগবঢ়াই অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে মঙলবাৰে ধুবুৰী জিলাৰ গোলকঞ্জৰ পৰা আৰম্ভ কৰা ভাৰত জোড়ো যাত্ৰাই (Bharat Jodo Yatra from Dhubri) দেওবাৰে বঙাইগাঁও জিলাত প্ৰৱেশ কৰে ।

লোকসভা নিৰ্বাচনত ৮ খন আসন কংগ্ৰেছে দখল কৰিব

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ নেতৃত্বত আৰম্ভ হৈছে ভাৰত জোড়ো যাত্ৰা (Bharat Jodo Yatra at Bongaigaon) । আজি জিলাখনৰ বইটামাৰী নিত্য বজাৰৰ পৰা ওলোৱা সমদলত সহস্ৰাধিক কংগ্ৰেছৰ নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে । ভাৰত জোড়ো যাত্ৰাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক সংগ দিয়ে অভয়াপুৰী দক্ষিণ বিধানসভা সমষ্টিৰ বিধায়ক প্ৰদীপ কুমাৰ সৰকাৰ, অভয়াপুৰী উত্তৰ বিধানসভা সমষ্টিৰ বিধায়ক আব্দুল বাতেন খণ্ডকাৰৰ লগতে বৰপেটা লোকসভা সমষ্টিৰ সাংসদ আব্দুল খালেকে ।

উক্ত অভিযানত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই কয় যে বিজেপি আৰু এ আই ইউ ডি এফৰ মাজত গোপন বুজাবুজি আছে (APCC President Bhupen Bora criticised BJP)। সেইবাবেই বিজেপিয়ে এ আই ইউ ডি এফক ধুবুৰী লোকসভাকে ধৰি ২ খন আসন এৰি দিছে বুলি বৰাই অভিযোগ উত্থাপন কৰে । তেওঁ লগতে এইবাৰ লোকসভা নিৰ্বাচনত ৮ খন আসন কংগ্ৰেছে দখল কৰিব বুলিও দাবী কৰে।

উল্লেখ্য যে কংগ্ৰেছৰ শীৰ্ষ নেতা ৰাহুল গান্ধীয়ে প্ৰায় দুমাহৰ আগতে তামিলনাডুৰ পৰা আৰম্ভ কৰা ভাৰত জোড়ো যাত্ৰাই ইতিমধ্য়ে কেইবাখনো ৰাজ্য় অতিক্ৰমিছে ৷ ইয়াৰ বিপৰীতে শাসনাধিস্থ ভাৰতীয় জনতা পাৰ্টীৰ একাংশ নেতাই নানা ধৰণৰ টুলুঙা মন্তব্যৰে কংগ্ৰেছৰ নেতা ৰাহুল গান্ধী আৰু তেওঁ আৰম্ভ কৰা ভাৰত জোড়ো যাত্ৰাৰ গুৰুত্ব লঘূ কৰাৰ চেষ্টা চলাই আহিছে ।

কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতা ৰাহুল গান্ধীৰ নেতৃত্বত কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ আৰম্ভ হোৱা ভাৰত জোড়ো যাত্ৰা চলি আছে । এই যাত্ৰা এদিনত ২১ কিলোমিটাৰকৈ কৰা হৈছে । স্বাধীন ভাৰতৰ ইতিহাসত পদব্ৰজে কৰা এই যাত্ৰা প্ৰথম । ৰাহুল গান্ধীৰ লগত ১২০ গৰাকী কংগ্ৰেছৰ কৰ্মীও আছে এই যাত্ৰাত । ইয়াৰে ৩০ শতাংশ মহিলা । ১২ খন ৰাজ্যৰ মাজেৰে এই ভাৰত জোড়ো যাত্ৰা আৰম্ভ কৰা হৈছে । এই যাত্ৰা সম্পূৰ্ণ অৰাজনৈতিক যদিও বিজেপি চৰকাৰৰ (BJP Government) অপশাসন আৰু বিভেদৰ ৰাজনীতিৰ বিৰুদ্ধে কৰা হৈছে । অহা জানুৱাৰীৰ শেষত এই ভাৰত জোড়ো যাত্ৰা ৰাজস্থানত অন্ত পৰিব ।
লগতে পঢ়ক:Bharat Jodo Yatra: কংগ্ৰেছৰ নেতৃত্বত অসমত আৰম্ভ হ’ল ভাৰত জোড়ো যাত্ৰা

ABOUT THE AUTHOR

...view details