বঙাইগাঁও,29জুলাইঃএটা অলৌকিক শিলাখণ্ড ৷ এইখন অসমতে আছে সেই অলৌকিক শিলাখণ্ড ৷ বিশ্বাস কৰিবলৈ আচৰিত লাগিলেও ধৰ্মত বিশ্বাসী লোকসকলে আজিও এই শিলাখণ্ডটিৰ মাহাত্ম্য বিশ্বাস কৰে ৷ ধৰ্ম বিশ্বাস অনুসৰি শিলাখণ্ডটি জীৱিত আৰু এই শিলাখণ্ডই ৰং সলনি কৰে ৷ প্ৰবাদ আছে,যদিহে গাখীৰত এই সহস্ৰ লিংগ ডুব যায় তেন্তে দেশত বানপানী হয় বা বিপদ হোৱাৰ সম্ভাৱনা থাকে ৷
বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰাত থকা সহস্ৰ লিংগটোত আছে 100টাৰো অধিক শিৱলিংগ ৷ শাওণ মাহৰ শুক্লা অষ্টমী তিথিত এই সহস্ৰ লিংগৰ স্নান উৎসৱ অনুষ্ঠিত কৰা হয়৷যাৰ বাবে ভাৰতৰ দ্বিতীয় তথা অসমৰ একমাত্ৰ সহস্ৰলিংগৰ আজি স্নান উৎসৱ উদযাপন কৰা হয় ৷ সহস্ৰ লিংগৰ স্নান উৎসৱ প্ৰতিবছৰেই ধুমধামেৰে অনুষ্ঠিত হয় যদিও এইবাৰ কৰ’না মহামাৰীৰ বাবে মন্দিৰ কৰ্তৃপক্ষই কেৱল আনুষ্ঠানিকতাহে ৰক্ষা কৰে ৷