বঙাইগাঁও,25 মে’:বঙাইগাঁও জিলাৰ চৌৰাগুৰিত সোমবাৰে নিশা আৰক্ষীয়ে বাৰ্মিজ চুপাৰীৰ এটা আন্তৰ্জাতিক চোৰাং ব্যৱসায়ী চক্ৰক উৎখাত কৰে ৷ আৰক্ষীয়ে চোৰাং ব্যৱসায়ী চক্ৰটোৰ পৰা প্ৰায় ২৫ লাখ টকাৰ মূল্যৰ ১৪০ বেগ বাৰ্মিজ চুপাৰী জব্দ কৰে । আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত চৌৰাগুৰিৰ স্বপন কুমাৰ সৰকাৰ নামৰ লোকজনৰ ঘৰত অভিযান চলাই অবৈধভাৱে মজুত ৰখা চুপাৰীখিনি জব্দ কৰে ৷
বঙাইগাঁৱত বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দ - আন্তৰ্জাতিক চোৰাং ব্যৱসায়ী চক্ৰ
বঙাইগাঁও জিলাত বাৰ্মিজ চুপাৰী ছিণ্ডিকেটৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ৷ প্ৰায় ২৫ লক্ষাধিক টকা মূল্যৰ অবৈধ চুপাৰী জব্দ আৰক্ষীৰ ৷
![বঙাইগাঁৱত বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দ Barees supari Seized in Bangaigaon](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11888151-thumbnail-3x2-l.jpg)
বঙাইগাঁৱত ১৪০ বেগ বাৰ্মিজ চুপাৰী জব্দ
বঙাইগাঁৱত বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দ
আৰক্ষীয়ে বাসগৃহটোৰ পৰা বাংলাদেশত নিৰ্মিত মৰাপাটেৰে তৈয়াৰী কেইবাটাও বস্তা জব্দ কৰে । আনহাতে, স্বপন কুমাৰ সৰকাৰে আৰক্ষীৰ অভিযানৰ তথ্য লাভ কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে । জিলা আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাৰ নেতৃত্বত চলিছিল এই অভিযান । অভিযানৰ সময়ত আৰক্ষীয়ে চুপাৰীত মিহলোৱা ৰং, ৰং জাতীয় ৰাসায়নিক দ্ৰব্যসহ অন্যান্য বহু সামগ্ৰী জব্দ কৰে ।
লগতে পঢ়ক:অখিল গগৈ মানসিক ৰোগী: কিয় ক’লে হিমন্ত বিশ্ব শৰ্মাই ?
Last Updated : May 25, 2021, 12:13 PM IST