বঙাইগাঁও, 21 মে' :সমগ্ৰ দেশৰ লগতে অসমতো কৰ’ণাই কাল ৰূপ ধাৰণ কৰি জনসাধাৰণৰ মাজত আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে । ৰাজ্যৰ প্ৰতিটো জিলাত এতিয়া গণ সংক্ৰমণ আৰম্ভ হৈছে ৷ কৰ’ণাৰ সংক্ৰমণ নিয়ন্ত্ৰণ বাবে আংশিক লকডাউনৰ ওপৰিও 21 মে' অৰ্থাৎ শুকুৰবাৰৰ পৰা বন্ধ কৰা হৈছে আন্তঃজিলা যাতায়ত ব্যৱস্থা ৷
এই ক্ষেত্ৰত পিছ পৰি থকা নাই বঙাইগাঁও আৰু বৰপেটা জিলা প্ৰশাসন ৷ মাণিকপুৰ থানা আৰু সৰভোগ থানাৰ আৰক্ষীয়ে পাতিলাদহা ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত বৰপেটা আৰু বঙাইগাঁও সীমামূৰীয়া এলেকাত তালাচী চকীৰ ব্যৱস্থা কৰিছে বঙাইগাঁও জিলা প্ৰশাসনে ।