অসম

assam

ETV Bharat / state

বঙাইগাঁৱত ভঙা বাঁহৰ দলঙৰে ৰাইজৰ বিপদশংকুল যাতায়াত

নেৰানেপেৰা বৰষুণৰ ফলত বঙাইগাঁও জিলাৰ শৌলমাৰী গাঁৱৰ পোকালাগী নৈত থকা একমাত্ৰ বাঁহৰ দলঙখন নৈখনৰ বাঢ়নি পানীত উটি যোৱাৰ উপক্ৰম হৈছে ৷ উপায়ন্তৰ হৈ বিপদশংকুলভাৱে বহুলোকে দলঙখনেৰে যাতায়ত কৰিবলগীয়া হৈছে । শীঘ্ৰে এখন দলং নিৰ্মাণ কৰি দিবলৈ চৰকাৰক আহ্বান জনাইছে স্থানীয় ৰাইজে ৷

People in danger of being transported to Broken Bamboo Bridge in Bongaigaon
বঙাইগাঁৱত ভঙা বাঁহৰ দলঙৰে বিপদ শংকুল যাতায়াত ৰাইজৰ

By

Published : Jun 12, 2021, 10:25 PM IST

বঙাইগাঁও, 12 জুন: স্বাধীনতাৰ ৭৪টাকৈ বছৰ পাৰ হোৱাৰ পাচতো বঙাইগাঁও জিলাৰ ৩৪ নং অভয়াপুৰী উত্তৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত শৌলমাৰী গাঁৱৰ পোকালাগী নৈপৰীয়া ৰাইজে লাভ নকৰিলে এখন দলং ৷ বছৰ বছৰ ধৰি এখন বাঁহৰ দলঙেৰে যাতায়াত কৰিবলগীয়া হৈছে ৰাইজে ৷ ইফালে যোৱা দুদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত বাঁহৰ দলঙখন নৈখনৰ বাঢ়নি পানীত ডুব যোৱাৰ উপক্ৰম হৈছে ৷ কিন্তু, ইয়াৰ পাচতো বাধ্যত পৰি বিপদশংকুলভাৱে ৰাইজে যাতায়ত কৰিবলগীয়া হৈছে ৷

বঙাইগাঁৱত ভঙা বাঁহৰ দলঙৰে বিপদ শংকুল যাতায়াত ৰাইজৰ

যাতায়াতৰ বাবে থকা একমাত্ৰ বাঁহৰ দলঙখনক লৈ এতিয়া চিন্তিত হৈ পৰিছে নৈপৰীয়া ৰাইজ । নেৰানেপেৰা বৰষুণৰ বাবে পোকালাগী নৈৰ ওপৰত থকা বাঁহৰ দলঙখনেৰে যাতায়ত বন্ধ হৈ পৰিছে ৷ যাৰ পৰিপ্ৰেক্ষিতত বহুকেইখন গাঁৱৰ যোগোযোগ বন্ধ হৈ পৰিছে ।

দীৰ্ঘ দিন ধৰি স্থানীয় জনপ্ৰতিনিধিক দলঙখন নিৰ্মাণ কৰিবলৈ ৰাইজে অনুৰোধ কৰিছিল যদিও কোনো এজন জনপ্ৰতিনিধিয়ে দলঙখনৰ নিৰ্মাণৰ প্ৰতি গুৰুত্ব দিয়া নাই বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । যাৰ বাবে স্বাধীনতাৰ পাচৰে পৰা প্ৰায় ২৫/৩০ খনকৈ গাঁৱৰ ৰাইজে যমৰ যাতনা ভুগি আহিছে । মৰণক শৰণ দি কোনো কোনো লোকে বাঁহৰ দলঙ খনেৰেই যাতায়ত কৰিছে যদিও যিকোনো মুহুৰ্ততে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ'ব পাৰে বুলি শংকিত হৈছে ৰাইজ । সেয়ে নৱনিৰ্বাচিত বিধায়ক আব্দুল বাতিন খন্দকাৰক নৈখনত এখন দলঙৰ ব্যৱস্থা কৰি দিবলৈ ৰাইজে আহ্বান জনাইছে ।

লগতে পঢ়ক-যৌতুকৰ বাবে নিৰ্যাতনৰ বলি দুটি সন্তানৰ মাতৃ

ABOUT THE AUTHOR

...view details