বঙাইগাঁও,6 এপ্ৰিল: বঙাইগাঁৱৰ যোগীঘোপাত সংঘটিত হৈছে এক হত্যাকাণ্ড ৷ সোমবাৰে নিশা ডেগাৰৰে হানি-খুচি হত্যা কৰে যোগীঘোপাৰ কচুতলা নিবাসী নিমাই দাসক । প্ৰাপ্ত তথ্য অনুসৰি, নিমাই দাসৰ ভাতৃ শশী দাসে হত্যা কৰে ককায়েকক ।
উল্লেখ্য যে, কৰ্মসূত্ৰে গুৱাহাটীত গাড়ীচালক হিচাপে থকা নিমাই দাসে বিধানসভা নিৰ্বাচনৰ ভোটদান কৰাৰ বাবে পত্নীসহ তিনি কন্যাক লগত লৈ ঘৰলৈ আহিছিল সোমবাৰে । কিন্তু নিমাই দাসৰ সৈতে সোমবাৰে নিশা শশী দাসসহ দুই ভাতৃৰ মাজত সৃষ্টি হয় সংঘৰ্ষৰ ৷ এই সংঘৰ্ষত নিমাই দাসক হানি-খুচি হত্যা কৰে শশী দাসসহ দুই ভাতৃয়ে ৷