অসম

assam

ETV Bharat / state

পদুলিত অসমীয়াৰ হেঁপাহৰ ভোগালী বিহু - বঙাইগাঁও জিলাৰ জালাখাটা গাঁও

বঙাইগাঁও জিলাৰ জালাখাটা গাঁৱতো পৰম্পৰাগত মেজি সাজিবলৈ ওলাই আহিছে গাঁওবাসী ৷ জাতিৰক্ষাৰ আন্দোলনো চলিব সমান্তৰালকৈ অসমীয়া পৰম্পাৰাও চলি থাকিব ৷ ঐতিহ্যক কেতিয়াও বাদ দিয়া নহ’ব,অসমীয়াৰ কৃষ্টিক শেষ হ’বলৈ দিয়া নহ’ব বুলিও প্ৰকাশ কৰে ৰাইজে ৷

Bangaigaon Jalakhata village preparation for bhelaghar
পদুলিত আহি পালেহি অসমীয়াৰ হেঁপাহৰ ভোগালী বিহু

By

Published : Jan 7, 2020, 2:58 PM IST

বঙাইগাঁও,7 জানুৱাৰীঃ জাতিৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম চলি থকাৰ মাজতে পদুলি পালেহি অসমীয়াৰ হেঁপাহৰ ভোগালী বিহু ৷ এফালে জাতি ৰক্ষাৰ শেষ যুঁজ,আন্দোলন,ধৰ্ণা,প্ৰতিবাদ আনফালে অসমীয়াৰ পৰম্পৰা,কৃষ্টি,সংস্কৃতিক ৰক্ষাৰ চেষ্টা ৷ ভোগালীক আদৰাৰ বাবে চৌদিশে উথপথপ পৰিৱেশ ৷ গাঁৱে গাঁৱে মেজি সজাত ব্যস্ত অসমীয়া ৷ সমান্তৰালকৈ বঙাইগাঁও জিলাৰ জালাখাটা গাঁৱতো পৰম্পৰাগত মেজি সাজিবলৈ ওলাই আহিছে গাঁওবাসী ৷ জাতিৰক্ষাৰ আন্দোলনো চলিব সমান্তৰালকৈ অসমীয়া পৰম্পাৰাও চলি থাকিব ৷ ঐতিহ্যক কেতিয়াও বাদ দিয়া নহ’ব,অসমীয়াৰ কৃষ্টিক শেষ হ’বলৈ দিয়া নহ’ব বুলি মন্তব্য প্ৰকাশ স্থানীয় ৰাইজৰ ৷

পদুলিত আহি পালেহি অসমীয়াৰ হেঁপাহৰ ভোগালী বিহু

ABOUT THE AUTHOR

...view details