অসম

assam

ETV Bharat / state

মেৰেৰচৰ আৰক্ষী চকীৰ সজাগতা সভা - সজাগতা সভা

মেৰেৰচৰ আৰক্ষী চকীৰ প্ৰশংসনীয় পদপেক্ষ ৷ আৰক্ষী চকীৰ ভাৰ‌প্ৰাপ্ত বিষয়া আনন্দৰাম ডেকাৰ সহযোগত আয়োজন এক সজাগতা সভা । ঈদ আৰু আগন্তুক স্বাধীনতা দিৱস উদযাপনাক লৈ এই সজাগতা সভা ।

মেৰেৰচৰ আৰক্ষী চকীৰ সজাগতা সভা
মেৰেৰচৰ আৰক্ষী চকীৰ সজাগতা সভা

By

Published : Jul 26, 2020, 5:34 AM IST

উত্তৰ অভয়াপুৰী, 26 জুলাই :বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰা মহকুমাৰ আৰক্ষী বিষয়া হেমেন দাসৰ উপস্থিতিত মেৰেৰচৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আনন্দৰাম ডেকাৰ উদ্যোগত আৰু গাঁৱৰক্ষী বাহিনীৰ সহযোগত শনিবাৰে অভয়াপুৰীৰ কুশবাৰী বজাৰ আৰু ৰাঙাপানী কমিউনিটি হল প্ৰাংগণত ঈদ-উজ-জোহা আৰু আগন্তুক 15 আগষ্ট স্বাধীনতা দিৱস আৰু কৰ’ণা মহামাৰী সংক্ৰমণকলৈ এখনি সজাগতা সভা অনুষ্ঠিত কৰা হয় ।

উক্ত সভাখনত বৰ্তমান সময়ত কৰ'ণাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি কেনেদৰে ইছলাম ধৰ্মাম্বলম্বী লোক সকলে ঈদ- উজ-জোহা উদযাপন কৰিব তাকে লৈ চৰকাৰী নিৰ্দেশনা তথা নিজৰ কৰণীয়ৰ ওপৰত মতামত আগবঢ়ায় উত্তৰ শালমাৰা মহকুমাৰ আৰক্ষী অধীক্ষক হেমেন দাসৰ আৰু মেৰেৰচৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আনন্দৰাম ডেকাৰ লগতে আন আৰক্ষীৰ সহযাত্ৰীৰ দলটোৱে । আনহাতে সমাগত স্বাধীনতা দিৱস অনুষ্টপীয়াকৈ উদযাপন কৰিবলৈও আহ্বান জনায় ।

মেৰেৰচৰ আৰক্ষী চকীৰ প্ৰশংসনীয় পদপেক্ষ

শনিবাৰৰ এই সভাখনত উপস্থিত থাকে উত্তৰ শালমাৰা মহকুমাৰ আৰক্ষী অধীক্ষক হেমেন দাস, মেৰেৰচৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আনন্দৰাম ডেকা, লগতে অঞ্চলটোৰ বহু ৰাইজ ৷

লগতে চাওক-COVID-১৯ : ৰাজ্যত পুনৰ 1165 গৰাকী পজিটিভ

For All Latest Updates

ABOUT THE AUTHOR

...view details