থাইলেণ্ডৰ পৰা পদক লৈ উভতিল অসমৰ দুজন খেলুৱৈ - Assam players team are welcome at NEW Bongaigaon Train Station
থাইলেণ্ডত অনুষ্ঠিত হোৱা ৱাৰ্ড বিচ্চ পেঞ্চাক চিলাট প্ৰতিযোগীতাত পদক অৰ্জন অসমৰ দুইগৰাকী খেলুৱৈৰ ৷ নিউ বঙাইগাঁও ৰে'লৱে জংচনত ব্যাপক উলহ মালহেৰে আদৰনী খেলুৱৈক দলক ৷
![থাইলেণ্ডৰ পৰা পদক লৈ উভতিল অসমৰ দুজন খেলুৱৈ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4694123-thumbnail-3x2-sport.jpg)
বঙাইগাঁও, 8 অক্টোবৰ : দেশক গৌৰাম্বিত কৰিলে অসমৰ দুগৰাকী সুদক্ষ খেলুৱৈয়ে ৷ থাইলেণ্ডৰ পৰা পদক লৈ উভতিল অসমৰ দুজন খেলুৱৈয়ে ৷ থাইলেণ্ডত অনুষ্ঠিত হোৱা ৱাৰ্ড বিচ্চ পেঞ্চাক চিলাট প্ৰতিযোগীতাত অসমৰ পৰা পাচঁ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিব গৈছিল ৷ পাচঁজনৰ ভিতৰত গোৱালপাৰাৰ দিক্ষীতা ৰাভা আৰু চিৰাং জিলাৰ মংগল বসুমতাৰীয়ে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয় ৷ মঙলবাৰে থাইলেণ্ডৰ পৰা অহা খেলুৱৈ কেইগৰাকীক বঙাইগাঁও জিলা সমিতি,চিৰাং জিলা সমিতি,কোকৰাঝাৰ জিলা সমিতি আৰু গোৱালপাৰা জিলা সমিতিৰ লগতে অসম পেঞ্চাক চিলাট এচোচিয়েশ্বনৰ পৰা বঙাইগাঁও ৰে'লৱে ষ্টেচনত উঞ্চ আদৰণি জনায় ৷ উল্লেখযোগ্য যে ভাৰতীয় মূল দলৰ হৈ অসমৰ পৰা যোৱা টিমত মুঠ 5 গৰাকী খেলুৱৈ আছিল ৷ ইয়াৰে দুগৰাকীয়ে ব্ৰঞ্জৰ পদক লাভ কৰে ৷