বঙাইগাঁও,29 মেঃ 31 মেৰ পৰা বঙাইগাঁৱৰ মূলাগাঁৱত তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব ষষ্ঠ অসম ৰাজ্যিক কিক বক্সিং মুকলি প্ৰতিযোগিতা ৷ অসম ৰাজ্যিক কিক বক্সিং সন্থা আৰু বঙাইগাঁও কিক বক্সিং সন্থাৰ সহযোগত অনুষ্ঠিত হ'ব এই প্ৰতিযোগিতা ৷ বুধবাৰে বঙাইগাঁও প্ৰেছ ক্লাৱত এক সংবাদমেল যোগে প্ৰতিযোগিতা খনৰ প্ৰস্তুতিৰ বিষয়ে অৱগত কৰে আয়োজক মণ্ডলীয়ে ৷
বঙাইগাঁৱত অনুষ্ঠিত হ'ব ষষ্ঠ অসম ৰাজ্যিক কিক বক্সিং মুকলি প্ৰতিযোগিতা - বঙাইগাঁও প্ৰেছ ক্লাৱ
প্ৰতিযোগিতাত 18 খন জিলাৰ 350 গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিব
আয়োজক তথা বঙাইগাঁও কিক বক্সিং সন্থাৰ সভাপতি প্ৰভাত বৈষ্ণৱ আৰু আদৰণী সমিতিৰ সভাপতি প্ৰমোদ চন্দ্ৰ ৰাভাই প্ৰকাশ কৰা মতে, ৰাজ্যিক ভিত্তিত অনুষ্ঠিত হ'বলগীয়া এই প্ৰতিযোগিতাত 18 খন জিলাৰ 350 গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিব ৷ কাৰিকৰী দিশত থাকিব 25 গৰাকী বিষয়া-কৰ্মী ৷ মূলাগাঁও লাল বাহাদুৰ শাস্ত্ৰী বিদ্যাপীঠত খেলুৱৈসকলক ৰখাৰ ব্যৱস্থা কৰিছে আয়োজক মণ্ডলীয়ে ৷ মূলাগাঁও শিৱ মন্দিৰ ভৱনত অনুষ্ঠিত হ'ব প্ৰতিযোগিতাসমূহ ৷ প্ৰতিযোগিতাখনৰ শুভাৰম্ভণী কৰিব বঙাইগাঁৱৰ জিলা উপায়ুক্ত আদিল খানে ৷ মুখ্য অতিথিৰূপে উপস্থিত থাকিব স্থানীয় বিধায়ক ফণীভূষণ চৌধুৰী ৷