বঙাইগাঁও,12 অক্টোবৰ :ৰহস্যজনকভাৱে অগ্নিকাণ্ড সংঘটিত হ'ল ৰাজ্য কঁপোৱা SI কাণ্ডৰ নথি-পত্ৰ ৰখা গুদাম ৷ দেওবাৰে পুৱাৰ ভাগত SI নিযুক্তি প্ৰক্ৰিয়াৰ প্ৰশ্নকাকতৰ ঠিকা লাভ কৰা অক্ষয় চান্দ বৈদৰ ভাই বোৱাৰীৰ নামত থকা গুদামত অগ্নিকাণ্ড সংঘটিত হয় ৷ উত্তৰ বঙাইগাঁও ছাপাগুৰি ৰোডত থকা দুটাকৈ গুদামঘৰত অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত বহু কোটিৰ টকাৰ ক্ষয়-ক্ষতি হয় ৷
এই ঘটনাৰ পাচতে কেলেংকাৰীৰ সৈতে জড়িত বিভিন্ন নথি-পত্ৰ জ্বলাই দিয়াৰ বাবে অগ্নিসংযোগ কৰা হৈছে বুলি দাবী কৰিছে বঙাইগাঁৱৰ বিভিন্ন দল-সংগঠনে ৷ বঙাইগাঁও জিলা কৃষক মুক্তিৰ সম্পাদক নন্দন দেৱ নাথ, গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদৰ বঙাইগাঁও জিলা সম্পাদক হাছিবুল হক আৰু বঙাইগাঁও শিল্পী সমাজৰ সভাপতি দিপক দাসে দাবী কৰে যে, অসম আৰক্ষীৰ নিযুক্তিৰ বাবে প্ৰশ্নকাকতৰ ঠিকা লাভ কৰা অক্ষয় চান্দ বৈদৰ ঘৰত নিশা চি আই ডিৰ অভিযানৰ পাচতে এই অগ্নিকাণ্ড সংঘটিত কৰা হৈছে ৷ চি আই ডিৰ হাতত পৰাৰ পূৰ্বেই নথি-পত্ৰ জ্বলাই দিয়া হৈছে বুলি দল-সংগঠন সমূহে অভিযোগ উত্থাপন কৰিছে ৷
উল্লেখ্য যে, যোৱা নিশা চি আই ডিয়ে অভিযান চলাই অক্ষয় চান্দ বৈদৰ ঘৰত কিছু গুৰুত্বপূৰ্ণ নথি জব্দ কৰা বুলি জনাইছিল চি আই ডিয়ে । ইয়াৰ পাচতে পুৱতি নিশা অক্ষয় চান্দৰ ভাতৃ নিৰ্মল চান্দ বৈদৰ পত্নীৰ নামত থকা উত্তৰ বঙাইগাঁওস্থিত মটৰ পাৰ্টচ আৰু আৰু আইটিচি চিগাৰেটৰ গুদামত ৰহস্যজনকভাৱে অগ্নিকাণ্ড সংঘটিত হয় ।