মানিকপুৰ, 27 মেঃ বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ সীমান্ত আৰক্ষীৰ চৰম গাফিলতিৰ ফলত সোমবাৰে এজন সন্দেহযুক্ত বাংলাদেশী পলায়ন কৰাৰ অভিযোগ। তথ্য অনুসৰি সোমবাৰে পুৱা মানিকপুৰ থানাৰ সীমান্ত আৰক্ষীয়ে মাণিকপুৰ থানাৰ অন্তৰ্গত ২নং দেওটাৰীৰ পৰা জয়নাল আব্দিন নামৰ এজন সন্দেহযুক্ত বাংলাদেশীক আটক কৰি মাণিকপুৰ থানালৈ আনে।
সাংবাদিক দেখি পলায়ন আৰক্ষীৰ! কিন্তু কিয়? - etv assam
আৰক্ষীৰ গাফিলতিৰ বাবে সন্দেহযুক্ত বাংলাদেশী পলায়ন কৰাৰ অভিযোগ ৷ সাংবাদিকৰ মুখামুখি হ'বলৈ সাহস নহ'ল আৰক্ষীৰ ৷
কিন্তু পৰৱৰ্তী সময়ত মাণিকপুৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত কনিষ্টবল শ্ৰীমল ৰায় আৰু হাবিলদাৰ চাহেব আলীৰ সহযোগত জয়নালক প্ৰাথমিক চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় যদিও সীমান্ত আৰক্ষী দুজনৰ চকুত ধূলি দি চিকিৎসালয়ত হোৱা ভিৰৰ সুবিধা লৈ পলায়ন কৰে জয়নালে।
জয়নালৰ পলায়নৰ খবৰ পোৱা মাত্ৰকে সাংবাদিকৰ দল এটাই মাণিকপুৰ আৰক্ষী থানাত উপস্থিত হৈ কনিষ্টবল শ্ৰীমল ৰায় আৰু হাবিলদাৰ চাহেব আলীৰ পৰা ঘটনা সন্দৰ্ভত মন্তব্য বিচাৰে যদিও মন্তব্য দিয়াৰ পৰা ফালৰি কাটি দুয়োগৰাকী আৰক্ষীয়ে বাইক লৈ থানা চৌহদৰ পৰা আতৰি যায়।