অসম

assam

ETV Bharat / state

পথ নিৰ্মাণৰ নামত অনিয়মৰ অভিযোগ, ফলক অবিহনে চলিছে নিৰ্মাণ কাৰ্য্য!!

বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰীত পথ নিৰ্মাণৰ নামত দুৰ্নীতিৰ অভিযোগ ৷ উচিত তদন্তৰ দাবীৰে ৰাজপথলৈ ওলাই আহিল ৰাইজ ৷

By

Published : Apr 6, 2019, 6:27 PM IST

পথ নিৰ্মাণৰ নামত অনিয়মৰ অভিযোগ, ফলক অবিহনে চলিছে নিৰ্মাণ কাৰ্য্য

উত্তৰ অভয়াপুৰী,6 এপ্ৰিলঃপৰিৱৰ্তনৰ শ্ল'গানৰে শাসনৰ গাদী দখল কৰিছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত মিত্ৰজোঁটৰ চৰকাৰে ৷ ক্ষমতালৈ অহাৰ পাচতেই দুৰ্নীতি ৰোধৰ ক্ষেত্ৰত শূণ্য সহনশীলতা নীতি গ্ৰহণ কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ কিন্তু মুখ্যমন্ত্ৰীৰ এনে সদম্ভ ঘোষণাক বুঢ়া আঙুলি দেখুৱাই এতিয়াও একাংশ চৰকাৰী বিভাগত অবাধ হাৰত দুৰ্নীতি চলি থকাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷ শনিবাৰে উত্তৰ অভয়াপুৰীৰ কীৰ্তনপাৰাত চলি থকা কোটি টকীয়া পথ নিৰ্মাণ আঁচনিৰ বিৰুদ্ধে ৰাজপথত ওলাই আহিল একাংশ ৰাইজ তথা সংগঠন ৷ বিভাগীয় অভিযন্তাৰ সৈতে বুজাবুজিৰে কোনো ধৰণৰ ফলক নোহোৱাকৈ সমুদায় ধুন হৰলুকী কৰাৰ অভিযোগ ঠিকাদাৰ ৰুদ্ৰ পাঠকৰ বিৰুদ্ধে ৷

পথ নিৰ্মাণৰ নামত অনিয়মৰ অভিযোগ, ফলক অবিহনে চলিছে নিৰ্মাণ কাৰ্য্য

উল্লেখ্য যে, উত্তৰ অভয়াপুৰীৰ বৰঘোলাৰ পৰা গুনিয়ালগুৰিলৈ চৰাঞ্চলৰ ৰাইজৰ যাতায়তৰ সুবিধাৰ্থে প্ৰায় 25 কিঃমিঃ দৈৰ্ঘ্যৰ পকী পথ নিৰ্মাণৰ আঁচনি গ্ৰহণ কৰিছিল চৰকাৰে ৷ কিন্তু ৰাইজক অন্ধকাৰত ৰাখি কোনো ধৰণৰ ফলক ব্যৱহাৰ নকৰাকৈ উক্ত পথটোৰ নিৰ্মাণ কাৰ্য চলাই গৈছে ঠিকাদাৰ গৰাকীয়ে ৷ ঘটনাটো সন্দৰ্ভত উচ্চ পৰ্যায়ৰ তদন্তৰ লগতে বিভাগীয় অভিযন্তা তথা ঠিকাদাৰৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী তুলিছে স্থানীয় ৰাইজে ৷

ABOUT THE AUTHOR

...view details