অসম

assam

ETV Bharat / state

বঙাইগাঁৱত ৰক্তদান শিবিৰ

ৰক্তদান জীৱন দান ৷ এগৰাকী ব্যক্তিৰ ৰক্তদানে কাৰোবাৰ অমূল্য জীৱন বচাব পাৰে ৷ ৰাজ্যত ক'ৰণা মহামাৰীৰ সংকটকালৰ সময়ত বঙাইগাঁৱত স্বইচ্ছাই ৰক্তদান শিবিৰ অনুষ্ঠিত হয় বুধবাৰে ৷

বঙাইগাঁৱত ৰক্তদান শিবিৰ
বঙাইগাঁৱত ৰক্তদান শিবিৰ

By

Published : Jun 10, 2020, 10:29 PM IST

চিৰাং, 10 জুনঃৰাজ্যত ক'ৰণা মহামাৰীৰ সংকটকালৰ সময়ত বুধবাৰে বঙাইগাঁৱত এটা স্ব ইচ্ছাই ৰক্তদান শিবিৰ অনুষ্ঠিত হয় ৷ চিকিৎসা বিভাগক কিছু সকাহ দিয়াৰ উদ্দেশ্যে বঙাইগাঁও জিলা লিগেল চাৰ্ভিচ অথৰিটিয়ে এক ইতিবাচক পদক্ষেপ গ্ৰহণ কৰে বঙাইগাঁৱত ৷ বঙাইগাঁও অসামৰিক চিকিৎসালয়ৰ ৰক্ত ভাণ্ডাৰত সংৰক্ষিত ৰক্তৰ পৰিমাণ কিছু হ্ৰাস পোৱাত বহু ৰোগীয়ে উপযুক্ত চিকিৎসাৰ বঞ্চিত হোৱা পৰিলক্ষিত হৈছে ৷ এনে অৱস্থাত জিলা লিগেল চাৰ্ভিচ অথৰিটিৰ উদ্যোগত এক ৰক্তদান শিবিৰৰ আয়োজন কৰে বঙাইগাওঁ অসামৰিক চিকিৎসালয়ত ৷

বঙাইগাঁৱত ৰক্তদান শিবিৰ
মুঠ 27 গৰাকী বিভিন্ন পৰ্যায়ৰ লোক উক্ত শিবিৰত ৰক্তদান কৰে ৷ লগতে কেবাগৰাকী অধিবক্তাকে ধৰি বহু মানৱদৰদী লোকে স্ব-ইচ্ছাই ৰক্তদান কৰে ৷গাঁও,চহৰৰ সকলো লোককে ৰক্তদান কৰিবলৈ আহ্বান স্বাস্থ্য বিভাগ তথা চিকিৎসকলৰ ৷

ABOUT THE AUTHOR

...view details