বৰপেটা ৰোড, ৬ জুন:অহা 2024 ত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলেই কুচকাৱাজ আৰম্ভ কৰিছে ৷ কৰ্ণাটকত হৈ যোৱা বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ বৃহৎ জয় তথা বিজেপিৰ শোচনীয় পৰাজয়ৰ পাচত এই তৎপৰতা অধিক পৰিলক্ষিত হৈছে ৷ গেৰুৱা দল বিজেপিয়ে যিকোনো প্ৰকাৰে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ আসনত নৰেন্দ্ৰ মোদীক অধিষ্ঠিত কৰিবৰ বাবে ব্যাপক গতিত কুচকাৱাজ চলাইছে ৷ অসমতো দেখা গৈছে বিজেপি দলৰ নিৰ্বাচনী তৎপৰতা (BJP gears up for Lok Sabha election) ৷
নৰেন্দ্ৰ মোদী চৰকাৰৰ নৱম বৰ্ষপূৰ্তি অনুষ্ঠানৰ লগত সংগতি ৰাখি জুন মাহৰ ভিতৰতে অসমলৈ আহিব বিজেপিৰ দুজনকৈ ৰাষ্ট্ৰীয় নেতা ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাই জনসভা সম্বোধন কৰিব অসমত ৷ কংগ্ৰেছৰ দখলত থকা লোকসভা সমষ্টি পুনৰুদ্ধাৰৰ বাবে ৰাজ্যিক বিজেপি তৎপৰ হৈ পৰিছে (Lok Sabha election 2024) ৷
৬ নং বৰপেটা লোকসভা সমষ্টি বিজেপিৰ দখললৈ নিয়াৰ বাবেও যথেষ্ট কুচকাৱাজ চলাইছে দলটোৰ শীৰ্ষ নেতৃত্বই ৷ বিজেপিৰ একাংশ মণ্ডল সভাপতি, বিষয়-ববীয়াই দলীয় অনুশাসন ভংগ কৰি বিসম্বাদত লিপ্ত থকাৰ সময়তেই দলটোৰ ভিতৰুৱা অন্তৰ্কন্দল মষিমূৰ কৰিবলৈ ৰাজ্যিক বিজেপিৰ শীৰ্ষ নেতা-মন্ত্ৰীয়ে শেহতীয়াকৈ বঙাইগাঁৱত বাহৰ পতা পৰিলক্ষিত হৈছে (BJP preparing for Lok Sabha election) ।