অসম

assam

ETV Bharat / state

গ্ৰাহকক ৰেচন নিদি ক'লা বজাৰত বিক্ৰী সুলভ মূল্যৰ সামগ্ৰী - সুলভ মূল্যৰ সামগ্ৰী

বঙাইগাঁৱত খাদ্য আৰু অসামৰিক যোগান বিভাগত একাংশ অসাধু ব্যৱসায়ীৰ দৌৰাত্মত অতিষ্ঠ হৈছে সুলভ মূল্যৰ হিতাধিকাৰী সকল ৷ যোৱা দুমাহৰ পৰা ৰেচন পোৱা নাই বুলি হিতাধিকাৰীসকলে অভিযোগ কৰে ।

সুলভ মূল্যৰ গ্ৰাহকক ৰেচন নিদি ক'লা বজাৰত বিক্ৰী

By

Published : Aug 2, 2019, 12:34 PM IST



চিৰাং, 2 আগষ্টঃ বঙাইগাঁৱত খাদ্য আৰু অসামৰিক যোগান বিভাগত ব্যৱস্থাত ধৰা পৰিছে ব্যাপক দুৰ্নীতি ৷ হিতাধিকাৰীয়ে নিজৰ ৱাৰ্ডৰ বাহিৰৰ পৰা ৰজহুৱা বিতৰণৰ সামগ্ৰী ক্ৰয় কৰিবলগীয়া অভিযোগ ৰাইজৰ ৷

বঙাইগাঁৱত খাদ্য আৰু অসামৰিক যোগান বিভাগত একাংশ অসাধু ব্যৱসায়ীৰ দৌৰাত্মত অতিষ্ঠ হৈ পৰিছে হিতাধিকাৰী ৷ ২৫ খন ৱাৰ্ডৰ হিতাধিকাৰীয়ে নিজৰ ৱাৰ্ডৰ বাহিৰত গৈ ৰাজহুৱা বিতৰণৰ সামগ্ৰী ক্ৰয় কৰিব লগা হৈছে । আনকি সুলভ মূল্যৰ দোকানৰ অনুজ্ঞাপত্ৰ আছে এজনৰ নামত ব্যৱহাৰ কৰিছে আন কোনোবাই বুলিও উল্লেখ কৰে গ্ৰাহক সকলে । তাৰোপৰি এজন ব্যক্তিয়ে আকৌ নিজৰ পৰিয়ালতে তিনিটাকৈ সুলভ মূল্যৰ দোকানৰ অনুজ্ঞা পত্ৰ ব্যৱহাৰ কৰি অহাৰ অভিযোগ উঠিছে ৷ ইফালে প্ৰায়বোৰ সুলভ মূল্যৰ দোকানীয়ে ভুৱা হিতাধিকাৰীৰ নামত ৰাজহুৱা বিতৰণৰ সামগ্ৰী ক'লা বজাৰত বিক্ৰী কৰাৰ অভিযোগ উঠিছে । লগতে ৮ নম্বৰ ৱাৰ্ডৰ সুলভ মূল্যৰ দোকানী তুলসী সাহাৰ অনুজ্ঞা পত্ৰ ব্যৱহাৰ কৰা অসীম বাৰৈয়ে ১১ আৰু ২৫ নম্বৰ ৱাৰ্ডৰ হিতাধিকাৰীসকলক যোৱা দুই মাহৰ ৰেচন দিয়া নাই বুলি হিতাধিকাৰীসকলে অভিযোগ কৰে ।

সুলভ মূল্যৰ গ্ৰাহকক ৰেচন নিদি ক'লা বজাৰত বিক্ৰী
উল্লেখ্য যে, উক্ত ঘটনাটো উপায়ুক্তক জনোৱাৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষুব্ধ হৈ পৰিছে স্থানীয় ৰাইজ ৷ অতি শীঘ্ৰে অঞ্চলটোত সুলভ মূল্যৰ দোকানত সংঘটিত হোৱা দুৰ্নীতি তদন্ত কৰিবলৈ আহ্বান জনাইছে গ্ৰাহক সকলে ৷

ABOUT THE AUTHOR

...view details