অসম

assam

ETV Bharat / state

যোগীঘোপাত অশোকাষ্টমী মেলা - assam news

১১ এপ্ৰিলৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা অশোকাষ্টমী মেলাত শনিবাৰে পুৱাৰে পৰা ভক্তপ্ৰাণ ৰাইজৰ লানি-নিছিগা সোঁত বোৱা পৰিলক্ষিত হৈছে । বঙাইগাঁৱৰ উপৰিও কাষৰীয়া বিভিন্ন জিলাৰ পৰা অহা হাজাৰ হাজাৰ লোকে অশোকাষ্টমীত ধৰ্মীয় নীতি নিয়মেৰে স্নান কাৰ্য সম্পূৰ্ণ কৰে ৷

যোগীঘোপা অশোকাষ্টমী মেলা

By

Published : Apr 13, 2019, 8:32 PM IST

বঙাইগাঁও, 13 এপ্ৰিলঃ বঙাইগাঁৱৰ যোগীঘোপাৰ ফেৰী ঘাটত ব্ৰহ্মপুত্ৰৰ পাৰত অশোকাষ্টমী উপলক্ষে শনিবাৰে ৰাতিপুৱা পৰা লক্ষাধিক ভক্তৰ আগমণ । ১১ এপ্ৰিলৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা অশোকাষ্টমী মেলাত শনিবাৰে পুৱাৰে পৰা ভক্তপ্ৰাণ ৰাইজৰ লানি-নিছিগা সোঁত বোৱা পৰিলক্ষিত হৈছে । বঙাইগাঁৱৰ উপৰিও কাষৰীয়া বিভিন্ন জিলাৰ পৰা অহা হাজাৰ হাজাৰ লোকে অশোকাষ্টমীত ধৰ্মীয় নীতি নিয়মেৰে স্নান কাৰ্য সম্পূৰ্ণ কৰে ।

যোগীঘোপা অশোকাষ্টমী মেলা

আনহাতে, শনিবাৰে পুৱা একাংশ ভক্তই ব্ৰহ্মপুত্ৰত মৃতকৰ অস্থি বিসৰ্জন দিয়াৰ কাৰ্য সমাপন কৰাৰ লগতে আন একাংশই ব্ৰহ্মপুত্ৰৰ পাৰত মৃতকৰ পিণ্ড দান কৰি স্নান কৰে । ধৰ্মীয় বিশ্বাস অনুসৰি এই দিনটোত ব্ৰহ্মপুত্ৰত স্নান কৰিলে গংগাৰ সমতুল্য ফল লাভ কৰে । অশোকাষ্টমীৰ লগত সংগতি ৰাখি আয়োজন কৰা মহামেলাতো যথেষ্ঠ ভিৰ পৰিলক্ষিত হয় । যাৰ বাবে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে যোগীঘোপা আৰক্ষীয়ে ।

ABOUT THE AUTHOR

...view details