অসম

assam

ETV Bharat / state

ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিশ্ব এইড্ছ দিৱস উৎযাপন - সজাগতামুলক বাইক ৰেলী উলিয়াই অভয়াপুৰীত

চৰকাৰী আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক সহিতে ছাত্ৰ-ছাত্ৰীসকলৰ সজাগতামূলক পদযাত্ৰা ৷ বঙাইগাঁও জিলাৰ অভয়াপুৰী সজাগতামুলক বাইক ৰেলী উলিয়াই ৰাষ্ট্ৰীয় সেৱা যোজনা গোট আৰু ইউনিভাৰ্ছ বাইকাৰ্ছ ক্লাৱৰ সদস্যসকলে ৷ চিৰাঙতো বিভিন্ন কাৰ্যসুচী ৰূপায়ন কৰে স্থানীয় ৰাইজে ৷

ৰাইজৰ সক্ৰিয় অংশগ্ৰহণ
ৰাজ্যৰ ভিন্ন প্ৰান্তত পালন বিশ্ব এইড্ছ দিৱস

By

Published : Dec 1, 2019, 10:41 PM IST

গুৱাহাটী, 1 ডিচেম্বৰ: আজি বিশ্ব এইড্ছ দিৱস উপলক্ষে মহানগৰীৰ জালুকবাৰীস্থিত চৰকাৰী আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয়ত আয়োজিত হয় এক বিশেষ অনুষ্ঠান ৷ এইড্ছ সম্পৰ্কে ৰাইজক সচেতন কৰাৰ উদ্দেশ্যে চিকিৎসক সহিতে ছাত্ৰ-ছাত্ৰীসকলে, মহাবিদ্যালয়ৰ মুখ্য প্ৰৱেশদ্বাৰৰ পৰা জালুকবাৰীলৈ এক পদযাত্ৰা বাহিৰ কৰে ৷সজাগতামূলক পদযাত্ৰাৰ উপৰিও ছাত্ৰ-ছাত্ৰীসকলে, জালুকবাৰীত এখন বাটৰ নাট প্ৰদৰ্শন কৰে ৷

এইড্ছৰ ভয়াৱহতা সম্পৰ্কীয় সচেতনতাক কেন্দ্ৰ কৰি প্ৰদৰ্শন কৰা হয় বাটৰ নাটখন ৷

এইড্ছ সম্পৰ্কীয় সচেতনতাক কেন্দ্ৰ কৰি বাটৰ নাট প্ৰদৰ্শন
বিশ্ব এইড্ছ দিৱস উপলক্ষে চৰকাৰী আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাটৰ নাট প্ৰদৰ্শন

আনফালে বঙাইগাঁৱতো বিভিন্ন ঠাইত বিশ্ব এইড্ছ দিৱস উপলক্ষে দেখা গ'ল সজাগতামূলক অনুষ্ঠান ৷ বঙাইগাঁও জিলাৰ অভয়াপুৰী মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা যোজনা গোট আৰু ইউনিভাৰ্ছ বাইকাৰ্ছ ক্লাৱৰ সদস্যসকলে আজি এক সজাগতামুলক বাইক ৰেলী বাহিৰ কৰে অভয়াপুৰীত ৷

এইড্ছ আক্ৰান্ত লোকক ঘৃণাৰ পৰিৱৰ্তে সমাজৰ এজন সাধাৰণ লোক হিচাপে গণ্য কৰিবলৈ আহ্বান জনায় ৰাইজক ৷ ইয়াৰোপৰি চিৰাং জিলাৰো বিভিন্ন ঠাইত বিশ্ব এইড্ছ দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰে স্থানীয় ৰাইজে ৷ এনেদৰে আজি ৰাজ্যৰ ভিন্ন প্ৰান্তত বিশ্ব এইড্ছ দিৱস উপলক্ষে আয়োজন কৰা হয় বিভিন্ন ধৰণৰ সজাগতামূলক অনুষ্ঠান ৷

অভয়াপুৰী মহাবিদ্যালয়ৰ পৰা উলিয়াই বাইক ৰেলী
বঙাইগাঁৱৰ অভয়াপুৰী বিশ্ব এইড্ছ দিৱস উপলক্ষে সজাগতামূলক অনুষ্ঠান

লগতে পঢ়ক:বিশ্বনাথত স্বচ্ছতাৰ বাবে মাৰাথন দৌৰ

ABOUT THE AUTHOR

...view details