অসম

assam

ETV Bharat / state

বঙাইগাঁৱত ছাত্ৰীক নিৰ্যাতন চলাই ৰঙাঘৰৰ আলহী হ'ল শিক্ষক - বঙাইগাঁৱত শিক্ষাগ্ৰহণ

শিক্ষাগুৰু-ছাত্ৰীৰ পবিত্ৰ সম্পৰ্কত কলংক সানিলে বঙাইগাঁৱৰ এজন শিক্ষকে। লম্পট শিক্ষকৰ কামনাৰ বলি হ'ল ছাত্ৰী। বঙাইগাঁৱৰ চাপৰাকাটা মজলীয়া বিদ্যালয়ত সংঘটিত হয় এই জঘন্য ঘটনা। নিৰ্যাতিতা ছাত্ৰীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে প্ৰধান শিক্ষক ৰাণু ৰাম ৰাভাক।

বঙাইগাঁৱত ছাত্ৰীক নিৰ্যাতন চলাই ৰঙাঘৰৰ আলহী হ'ল শিক্ষক
বঙাইগাঁৱত ছাত্ৰীক নিৰ্যাতন চলাই ৰঙাঘৰৰ আলহী হ'ল শিক্ষক

By

Published : Nov 4, 2020, 12:34 PM IST

বঙাইগাঁও, ৪ নৱেম্বৰ: বঙাইগাঁৱত শিক্ষাগ্ৰহণৰ বাবে বিদ্যালয়লৈ আহি প্ৰধান শিক্ষকৰ কামনাৰ বলি হ'ল এগৰাকী ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী। বিদ্যালয়ৰ শ্ৰেণীকোঠাৰ ভিতৰতে ছাত্ৰীগৰাকীৰ ওপৰত শাৰীৰিক নিৰ্যাতন চলালে ৰাণু ৰাম ৰাভা নামৰ এজন লম্পট শিক্ষকে। প্ৰায় ৭ মাহৰ অন্তত যোৱা ২ নৱেম্বৰত শিক্ষা বিভাগৰ নিৰ্দেশমৰ্মে বিদ্যালসমূহত পাঠদান আৰম্ভ হৈছে। এই নিৰ্দেশৰ ভিত্তিতে বঙাইগাঁৱৰ চাপৰাকাটা মজলীয়া বিদ্যালয়তো আৰম্ভ হৈছে পাঠদান।

বঙাইগাঁৱত ছাত্ৰীক নিৰ্যাতন চলাই ৰঙাঘৰৰ আলহী হ'ল শিক্ষক

বিদ্যালয় খুলিছে যদিও এতিয়াও ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি সেৰেঙা। পিছে শিক্ষাগ্ৰহণৰ বাবে বিদ্যালয়লৈ অহা এগৰাকী ছাত্ৰীক শ্ৰেণীকোঠাৰ ভিতৰতে শাৰীৰিক নিৰ্যাতন চলায় চাপৰাকাটা মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰাণু ৰাম ৰাভাই। শিক্ষাৰ্থীৰ সংখ্যা কম হোৱাৰ সুযোগতে এই কাণ্ড সংঘটিত কৰে শিক্ষজনে। এই জঘন্য ঘটনা যোৱা ২ নৱেম্বৰতে সংঘটিত হয় যদিও সমগ্ৰ ঘটনা নিশাৰ ভাগতহে পোহৰলৈ আহে। নিৰ্যাতিতা ছাত্ৰীগৰাকীৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে লম্পট প্ৰধান শিক্ষকজন গ্ৰেপ্তাৰ কৰে। শিক্ষকগৰাকীৰ এনে কাণ্ডই লজ্জানত কৰিছে সমগ্ৰ শিক্ষক সমাজক৷

লগতে পঢ়ক:নিমিষতে কৃত্ৰিম বানত ডুবিল মহানগৰীৰ আদাবাৰীৰ ৰাজপথ

ABOUT THE AUTHOR

...view details