অসম

assam

ETV Bharat / state

মানাহ নৈত পঞ্চায়ত সদস্যৰ নেতৃত্বত অবৈধ খনন অব্যাহত ! - বঙাইগাঁও

বন বিভাগৰ নিৰ্দেশক অমান্য কৰি বঙাইগাঁৱৰ বাংলাপাৰাৰ মানাহ নৈত একাংশ অসাধু লোকে চলাই গৈছে খনন কাৰ্য ৷ দিনে নিশা অবৈধভাবে নৈ খনত খনন কাৰ্যত শংকিত হৈ পৰিছে এতিয়া নৈপৰীয়া ৰাইজ । শীঘ্ৰেই উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ৰাইজে ৷

Bongaigaon illegal sand gravel collection
মানাহ নৈত পঞ্চায়ত সদস্যৰ নেতৃত্বত অবৈধ খনন অব্যাহত !

By

Published : Jan 29, 2021, 9:58 PM IST

বঙাইগাঁও, 29 জানুৱাৰী: বঙাইগাঁৱৰ বাংলাপাৰাৰ মানাহ নৈত বন বিভাগৰ নিৰ্দেশক অমান্য কৰি এতিয়াও একাংশ অসাধু চক্ৰই চলাই গৈছে অবৈধ খনন কাৰ্য ৷ উক্ত খনন কাৰ্যত এতিয়া শংকিত হৈ পৰিছে নৈ পৰীয়া ৰাইজ ৷

মানাহ নৈত পঞ্চায়ত সদস্যৰ নেতৃত্বত অবৈধ খনন অব্যাহত !

বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী চকীৰ অন্তৰ্গত বাংলাপাৰাৰ মানাহ নৈত পঞ্চায়ত সদস্য সোনা মিঞাই JCPৰে অবৈধভাবে দিনে নিশাই খনন কাৰ্য চলাই যোৱা বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজে । পঞ্চায়ত সদস্য সোনা মিঞাই আহম্মদ আলী আৰু শ্বহিদুল ইছলাম নামৰ লোক দুজনৰ সহযোগত নৈ খনৰ পৰা দীৰ্ঘ দিন ধৰি অবৈধভাবে মাটি সৰবৰাহ কৰি আছে বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজে ৷

ইফালে বন বিভাগৰ লগতে স্থানীয় ৰাইজে খনন কাৰ্য বন্ধ কৰিবলৈ বাধা দিয়াৰ পিছতো প্ৰায় ১০-১২ খন ট্ৰেক্টৰেৰে অবৈধভাবে মাটি সৰবৰাহ কৰা কাৰ্যত চকু কঁপালত উঠিছে একাংশ সচেতম মহলৰ। ফলত দিনে-নিশাই এনেদৰে নৈ খনত খনন কাৰ্য অব্যাহত থাকিলে নৈপৰীয়া লোক সকলৰ ঘৰ-বাৰী যে বাৰিষাৰ সময়ত নৈৰ বুকুত জাহ যাব তাক লৈ এতিয়া শংকিত হৈ পৰিছে নৈ-পৰীয়া ৰাইজ।

ইফালে স্থানীয় ৰাইজে উক্ত খনন কাৰ্যৰ বিৰুদ্ধে বন বিভাগক অৱগত কৰে ৷ ঘটনস্থলীত বন বিভাগৰ লোকে উপস্থিত হৈ JCP আৰু ট্ৰেক্টৰ কেইখন জব্দ কৰিবলৈ চেষ্টা কৰে যদিও পঞ্চায়ত সদস্য সোণা মিঞা আৰু তেওঁৰ সহযোগী সকলে বন বিভাগৰ লোকৰ সৈতে বাক বিতণ্ডাত লিপ্ত হোৱাত JCP সহ ট্ৰেক্টৰ লৈ পলায়ন কৰে চালক সকল ।

আনহাতে, পঞ্চায়ত সদস্য সোনা মিঞাই নথিপত্ৰ বিহীন কেইবাখনো ট্ৰেক্টৰ নৈ খনৰ খনন কাৰ্যত ব্যৱহাৰ কৰা বুলি জানিব পৰা গৈছে । শীঘ্ৰেই পঞ্চায়ত সদস্য আৰু অবৈধ খনন কাৰ্যত লিপ্ত থকা লোক সকলৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে স্থানীয় সচেতন ৰাইজে ।

লগতে পঢ়ক-কবৰস্থানৰ ভূমি বেদখলক কেন্দ্ৰ কৰি বগীনদীত তীব্ৰ উত্তেজনা

ABOUT THE AUTHOR

...view details