বঙাইগাঁও, 4 ডিচেম্বৰ: মাজনিশা 2 বজাত বঙাইগাঁৱৰ যোগীঘোপাৰ চলন্তাপাৰাত 31 নং ৰাষ্ট্ৰীয় ঘাইপথত মটৰ চাইকেল আৰু নৈশ যাত্ৰীবাহী বাছৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় ৷ সংঘৰ্ষৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথতে সম্পূৰ্ণভাৱে ভস্মীভূত হয় মটৰ চাইকেল আৰু নৈশ বাছখন ৷
দুৰ্ঘটনাত ভস্মীভূত হৈ থিতাতে নিহত হয় মটৰ চাইকেল আৰোহী খুশীমোহন ভৌমিক ৷নিহত লোকজনৰ ঘৰ যোগীঘোপাৰ মোহনপুৰত বুলি জানিব পৰা গৈছে ৷
ৰাষ্ট্ৰীয় ঘাইপথতে জ্বলি উঠিল বাহন গুৱাহাটীৰ পৰা ধুবুৰী অভিমুখী নৈশ বাছখনত থকা 20 গৰাকীতকৈ অধিক যাত্ৰী গুৰুতৰ ভাৱে আহত হয় ৷ আহতসকলক ততালিকে চলন্তাপাৰা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যায় ৷ প্ৰাথমিক স্বাস্থ্য পৰীক্ষা কৰি উন্নত চিকিৎসাৰ বাবে গোৱালপাৰা অসামৰিক চিকিৎসালয় লৈ প্ৰেৰণ কৰে ৷
বঙাইগাঁৱৰ যোগীঘোপাৰ চলন্তাপাৰাত ভয়ংকৰ দুৰ্ঘটনা দুৰ্ঘটনাৰ ফলত নিশা তিনি ঘন্টাতকৈও অধিক সময় ৰাষ্ট্ৰীয় ঘাইপথত শতাধিক যান-বাহন আৱদ্ধ হৈ পৰে । ঘটনাস্থলীত যোগীঘোপা আৰক্ষী আৰু তিনিখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নুমুৱাবলৈ সক্ষম হয় ৷ উল্লেখ্য যে,মুখামুখি সংঘৰ্ষৰ ফলত মটৰ চাইকেলৰ তেলৰ টেংকী বিস্ফোৰণ ঘটি অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ ৰাইজৰ ৷
লগতে পঢ়ক:বোৱাৰী হত্যাক কেন্দ্ৰ কৰি ছয়গাঁৱত উত্তেজনা; কলগাছিয়াতো ৰহস্যজনক মৃত্যু