অসম

assam

By

Published : Dec 12, 2019, 3:27 PM IST

ETV Bharat / state

কেব বাতিল নোহোৱা পৰ্যন্ত অব্যাহত থাকিব প্ৰতিবাদ: ৰাজ্যৰ প্ৰান্তে প্ৰান্তে খিলঞ্জীয়াৰ ৰণহুংকাৰ

প্ৰশাসনৰ নিষেধাজ্ঞা-সান্ধ্য আইন নেওচি জাতিধংসী বিধেয়কৰ বিৰুদ্ধে স্বতঃস্ফূৰ্ত ভাৱে ওলাই আহিছে অসমীয়া ৷ মাজুলীত জ্বলাই দিলে সৰ্বানন্দ সোণোৱালৰ পোষ্টাৰ ৷ কলিয়াবৰত কেব বাতিলৰ দাবীত ৰাজপথত অসম সমবায় মৰাপাট কলৰ শ্ৰমিক ৷ অঘোষিতভাৱে বন্ধ হৈ পৰিছে দৰং জিলা ৷ বঙাইগাঁৱত চতুৰ্থ দিনাও আৰক্ষী নিৰাপত্তাৰক্ষীৰ মাজতে ৰাইজে টায়াৰ জ্বলাই সাব্যস্ত কৰিলে ব্যাপক প্ৰতিবাদ ৷

কেব বাতিল নোহোৱা পৰ্যন্ত অব্যাহত থাকিব অসমীয়াৰ প্ৰতিবাদ: ৰাজ্যৰ প্ৰান্তে প্ৰান্তে খিলঞ্জীয়াৰ ৰণহুংকাৰ
কেব বাতিল নোহোৱা পৰ্যন্ত অব্যাহত থাকিব অসমীয়াৰ প্ৰতিবাদ: ৰাজ্যৰ প্ৰান্তে প্ৰান্তে খিলঞ্জীয়াৰ ৰণহুংকাৰ

নিউজ ডেস্ক, 12 ডিচেম্বৰ : বুধবাৰে ৰাজ্যসভাত কেব গৃহীত কৰি অসমীয়াৰ ওপৰত জাতিধ্বংসী বিধেয়ক জাপি দিব খুজিলেও অসমীয়াই যে কোনো কাৰণত কেব নামানে ই ক্ৰমাৎ স্পষ্ট হৈ পৰিছে ৷ বৃহস্পতিবাৰেও ৰাজ্যত কেবৰ বিৰুদ্ধে অব্যাহত আছে ব্যাপক প্ৰতিবাদ ৷ চৰকাৰী বাধা, ৰাষ্ট্ৰৰ সেনা বাহিনীৰ ভাবুকি নেওচি ৰাজ্যৰ বিভিন্ন প্ৰান্তত স্বতঃস্ফূৰ্ত ভাৱে ওলাই আহিছে অসমীয়া ৷ বন্ধ হৈ পৰিছে যান-বাহনৰ চলাচল, দোকান-পোহাৰ সকলো, চাৰিওফালে এতিয়া দেখা গৈছে জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে ৰাজপথত জনসাধাৰণ ৷

মাজুলী : খোদ গৃহ সমষ্টিতেই এতিয়া আদৰ নাই অসমলৈ কেব আনি ঘৰতে বদন হোৱা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৷ মাজুলীৰ কমলাবাৰীত কেবৰ প্ৰতিবাদত ওলাই আহিছে হাজাৰ হাজাৰ লোক ৷ কমলাবাৰী চাৰিআলিত কেব আৰু বিজেপি-আৰ এছ এছে অসমীয়া জাতিৰ প্ৰতি সৃষ্টি কৰা ভাবুকিৰ প্ৰতিবাদত ৰাইজে অনুষ্ঠিত কৰিলে পথসভা ৷ একেদৰে জাতিধ্বংসী বিধেয়ক আনি জাতি শেষ কৰিব বিচৰা মুখ্যমন্ত্ৰী সোণোৱালৰ পোষ্টাৰ জ্বলাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিলে শতাধিক যুৱকে ৷

মাজুলীক অপমান আৰু কেবক লৈ জ্বলিছে সত্ৰনগৰী

কলিয়াবৰ: প্ৰায় 20 কিলোমিটাৰ পথ খোজকাঢ়ি আহি কেবৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰিলে শিলঘাটৰ অসম সমবায় মৰাপাট কলৰ শতাধিক শ্ৰমিকে ৷ মৰাপাট কল চৌহদৰ পৰা আৰম্ভ হোৱা এই সমদল শিলঘাট–কুঁৱৰীটোল গড়কাপ্তানী পথেৰে আহি কলিয়াবৰ প্ৰশাসনৰ বাধা নেওচি কলিয়াবৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান গ্ৰহণ কৰি চৰকাৰ বিৰোধী শ্ল'গানেৰে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে ৷ ডবা-শংখ-বৰতাল বজাই "আহ ঐ আহ ওলাই আহ" ধ্বনিৰে ৰাইজক কেবৰ বিৰুদ্ধে প্ৰতিবাদত চামিল হ'বলৈ আহ্বান জনালে প্ৰতিবাদকাৰী শ্ৰমিক সকলে ৷

কেব বাতিলৰ দাবীত ৰাজপথত অসম সমবায় মৰাপাট কলৰ শ্ৰমিক

বঙাইগাঁও: কেব বিৰোধী প্ৰতিবাদত চতুৰ্থ দিনাও উত্তাল হৈ আছে বঙাইগাঁও চহৰ ৷ বৃহস্পতিবাৰে 12 ঘন্টীয়া বঙাইগাঁও বন্ধৰ মাজত আজি পুৱা কালি ৰাজ্যসভাত কেব গৃহীত হোৱাৰ পাছতে এইদৰে বন্ধ পালন কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাইজে ৷ তালগুৰিত ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত গৰিয়া মৰিয়া দেশীয় জাতীয় পৰিষদ,আক্ৰাছু আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লোকে টায়াৰ জ্বলাই প্ৰতিবাদ কৰে । উল্লেখযোগ্য যে প্ৰতিবাদকাৰীসকলে আৰক্ষী-নিৰাপত্তাৰক্ষীয়ে গিজগিজাই থকাৰ পাছতো চৰকাৰী নিৰাপত্তা বাহিনীক কোনো ধৰণৰ কেৰেপ নকৰি ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে ৷

প্ৰশাসনৰ নিষেধাজ্ঞা নেওচি বঙাইগাঁৱত ব্যাপক প্ৰতিবাদ

দৰং: চতুৰ্থ দিনাও দৰং জিলাত অব্যাহত আছে কেব বিৰোধী তীব্ৰ প্ৰতিবাদ ৷ স্বতঃস্ফূৰ্ত ভাৱে বন্ধ হৈ পৰিছে চহৰখনৰ সকলো ব্যৱসায়ীক প্ৰতিষ্ঠান ৷ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে চলাচল কৰা নাই এখনো যান-বাহন ৷

কেবৰ প্ৰতিবাদত স্তব্ধ দৰং

আৰু পঢ়ক: শিৱসাগৰত সকলো শিক্ষানুষ্ঠানৰ পৰীক্ষা আৰু পাঠদান বাতিল

ABOUT THE AUTHOR

...view details