বঙাইগাঁও, 10 অক্টোবৰ : ৰাজ্য জোকাৰি যোৱা SI কেলেংকাৰীৰ লগত নাম সাঙোৰ খোৱা পুনৰ আন এজন লোকক বঙাইগাঁৱৰ পৰা গ্ৰেপ্তাৰ আৰক্ষীৰ ৷ গ্ৰেপ্তাৰ কৰা লোকজন ৰুবুল হাজৰিকাৰ ঘনিষ্ঠ ৰূপম দাস বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে ৷ ইফালে, ৰূপম দাসৰ শহুৰেক অভয়াপুৰীৰ বঢ়িগাঁৱৰ তৰণী বণিক্যৰ ঘৰৰ পৰা অভিযান চলাই প্ৰায় 3 কোটি টকা জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে ।
জানিব পৰা মতে, পুৱা 4 বজাৰ পৰাই অভিযান আৰম্ভ কৰিছিল আৰক্ষীয়ে । আৰক্ষীয়ে অভিযানৰ অন্তত লকাৰত বৃহৎ পৰিমাণৰ টকা লুকুৱাই ৰখাৰ সন্দেহ কৰি অভিযান আৰম্ভ কৰিছিল । অভিযানত বঙাইগাঁও আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয়3 কোটিতকৈ অধিক নগদ ধন।