অসম

assam

By

Published : Oct 26, 2019, 5:42 PM IST

ETV Bharat / state

গোলাপাৰাত দলং নিৰ্মাণত হেমাহিৰ বাবে ৰাইজৰ প্ৰতিবাদ

গোলাপাৰাত ঠিকাদাৰৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ । দলং নিৰ্মাণত হেমাহিৰ অভিযোগ । যমৰ যাতনা ভুগিছে ৰাইজে ।

গোলাপাৰাত ঠিকাদাৰৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ

উত্তৰ অভয়াপুৰী, 26 অক্টোবৰ: বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী সমষ্টিৰ মাজেৰে যোৱা বৰঘোলা কীৰ্ত্তন পাৰা নাম্বাৰ পাৰা চাকলা হৈ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী মূল পথৰ কামত ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈছে । সমষ্টিটোৰ ভিতৰতে আটাইতকৈ গুৰুত্বপূৰ্ণ এই পথটো নিৰ্মাণৰ ক্ষেত্ৰত ঠিকাদাৰ ৰুদ্ৰ পাঠকৰ চৰম হেমাহি আৰু দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈছে। পথটো মানাহ আৰু আই নদীৰ ওপৰত থকা দুখন দলঙৰ উপৰিও কীৰ্ত্তনপাৰা বজাৰৰ পৰা গোলাপাৰা মানাহ নদীলৈকে আৰু দুখন দলং আছে। ইয়াৰে এখন দলঙৰ কাম কোনোমতে চলি আছে যদিও গোলাপাৰা বজাৰৰ ওচৰত থকা দলঙৰ কাম আজি পৰ্যন্ত আৰম্ভ নহ'ল। তাৰোপৰি আগৰ কাঠৰ দলং খন দুমাহ পূৰ্বে ঠিকাদাৰ জনে ভাঙি নিয়াত যাতায়ত ব্যৱস্থা অচল হৈ পৰিছে । দুমাহ ধৰি গোলাপাৰাবাসী ৰাইজে জৰুৰীকালীন সেৱাৰ পৰা বঞ্চিত হৈ আছে । স্কুলীয়া ছাত্ৰ ছাত্ৰী সকলে যমৰ যাতনা ভুগিব লগা হৈছে । শনিবাৰে গোলাপাৰাবাসী ৰাইজে ঠিকাদাৰ ৰুদ্ৰ পাঠকৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি এক উত্তাল পৰিৱেশৰ সৃষ্টি কৰে। লগতে অতি সোনকালে দলঙৰ কাম সম্পন্ন কৰিবলৈ দাবী জনাই ।

গোলাপাৰাত ঠিকাদাৰৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details