অসম

assam

ETV Bharat / state

মাণিকপুৰত জহা ৰাইচ প্ৰডিউচাৰ কোম্পানীৰ বাৰ্ষিক সভা - কৃষি বিজ্ঞান কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়া

বঙাইগাঁৱৰ মাণিকপুৰত জহা ৰাইচ প্ৰডিউচাৰ কোম্পানীৰ বাৰ্ষিক সভা(Annual meeting of Joha Rice Producer Company) । মানিকপুৰ অৰ্দ্ধ সাপ্তাহিক বজাৰ গৃহত অনুষ্ঠিত হোৱা সভাখনিত কোম্পানীটোৰ বিষববীয়াৰ লগতে উপস্থিত থাকে প্ৰায় ২৯৫ গৰাকী সদস্য ।

annual meeting held in manikpur
মাণিকপুৰত জহা ৰাইচ প্ৰডিউচাৰ কোম্পানীৰ বাৰ্ষিক সভা

By

Published : Sep 24, 2022, 8:46 PM IST

মাণিকপুৰ,২৪ ছেপ্টেম্বৰ:বঙাইগাঁও জিলাৰ মাণিকপুৰ মহকুমাৰ অন্তৰ্গত মানিকপুৰ অৰ্দ্ধ সাপ্তাহিক বজাৰ গৃহত মাণিকপুৰ জহা ৰাইচ প্ৰডিউচাৰ কোম্পানীৰ বাৰ্ষিক সভা অনুষ্ঠিত হয়(Annual meeting of Joha Rice Producer Company) । বঙাইগাঁও জিলাৰ প্ৰাক্তন জিলা কৃষি বিষয়া লক্ষেশ্বৰ ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত কোম্পানীটোৰ সকলো বিষয়ববীয়াৰ উপৰিও প্ৰায় ২৯৫ জন সদস্য উপস্থিত থাকে ।

মাণিকপুৰত জহা ৰাইচ প্ৰডিউচাৰ কোম্পানীৰ বাৰ্ষিক সভা

বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে চিৰাং জিলাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ মূখ্য বিজ্ঞানী চন্দন ডেকা, কৃষি বিজ্ঞানী হিৰন্য বৰুৱা, আৰু বঙাইগাঁও জিলাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়া গৌৰাঙ্গ দাস । বাৰ্ষিক সভাখনত জহা ৰাইচ প্ৰডিউচাৰ কোম্পানীৰ বিগত দিনৰ সকলো কাম কাজৰ পৰ্যালোচনা কৰাৰ উপৰিও বিজ্ঞানীসকলে চৰকাৰে কৃষকলৈ আগবঢ়োৱা আঁচনিৰ ব্যৱসাৰ কেনেকৈ কৰিব পাৰি লগতে জৈৱিক সাৰ কেনেকৈ প্ৰস্তুত কৰিব পাৰি আৰু ব্যৱসাৰ কৰিব লাগে কৃষকৰ আগত বিতংভাৱে আলোচনা কৰে ।

সমগ্ৰ ৰাজ্যতে এনেকুৱা দহ হাজাৰ কোম্পানী আছে আৰু ৰাজ্যৰ ভিতৰতে মাণিকপুৰ জহা ৰাইচ প্ৰডিউচাৰ কোম্পানীটো যাতে এক লেখতলবলগীয়া কোম্পানী হিচাবে গঢ় দি চৰকাৰে আগবঢ়োৱা সকলো সুবিধা গ্ৰহণ কৰি কৃষি বিপ্লৱৰ সুচনা কৰিব পাৰে তাৰ বাবে কাম কৰিবলৈ পৰামৰ্শ আগবঢ়ায় উপস্থিত অতিথিসকলে ।

লগতে পঢ়ক:আনন্দৰাম ঢেকিয়াল ফুকন বঁটা গ্ৰহণ কৰি গুৰুত্বপূৰ্ণ মন্তব্য য়েছে দৰজে ঠংচিৰ

ABOUT THE AUTHOR

...view details