বঙাইগাঁও, 3 ছেপ্টেম্বৰ :প্ৰকৃততে কি হৈ আছে ৰাজ্যৰ চৰকাৰী চিকিৎসালয়ত ? বিভাগীয় মন্ত্ৰী-বিষয়াৰ অজ্ঞাতে চলিছে নেকি ৰাজ্যৰ একাংশ চৰকাৰী চিকিৎসালয়ত দুৰ্নীতি তথা অনিয়ম (Allegations of corruption at Chakla Kokila State Dispensary)৷ এইবাৰ এই অভিযোগ উত্থাপন কৰিছে বঙাইগাঁৱৰ একাংশ সচেতন নাগৰিক তথা ৰোগীৰ আত্মীয়ই ৷
অভিযোগ অনুসৰি, বঙাইগাঁও জিলাৰ চাকলা-কোকিলা ৰাজ্যিক চিকিৎসালয়ত প্ৰসূতিক যোগান ধৰা হৈছে ম্যাদ উকলা খাদ্য সামগ্ৰী ৷ লগতে ৰোগীক যোগান ধৰা হৈছে নিগনিৰ মলযুক্ত খাদ্য ৷ এই লৈ শনিবাৰে বঙাইগাঁও জিলাৰ চাকলা-কোকিলা ৰাজ্যিক চিকিৎসালয়ত ৰোগী আৰু চিকিৎসালয় কৰ্তৃপক্ষৰ মাজত তীব্ৰ হয় তীব্ৰ বাক বিতণ্ডাৰ ৷
তথ্য অনুসৰি, শুকুৰবাৰে ছেলিমা খাতুন নামৰ এগৰাকী প্ৰসূতিয়ে ৰাস্তাত পুত্ৰ সন্তান জন্ম দিয়ে ৷