অসম

assam

Scam in KAC : KACত উপ পশু চিকিৎসা কেন্দ্ৰ নিৰ্মাণত অনিয়ম

By

Published : Aug 22, 2023, 5:43 PM IST

কে এ চি ত বৃহৎ দূৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন । কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদত উন্নয়নৰ নামত চলিছে কমিছনৰাজ ।

Scam in KAC
কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদত দুৰ্নীতি

কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদত দুৰ্নীতি

বঙাইগাঁও, ২২ আগষ্ট:কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদত অবাধে চলিছে দুৰ্নীতি । বিগত সময়ছোৱাত কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদৰ একাংশ সদস্য়ই বিভিন্ন আঁচনি ৰূপায়নৰ নামত ব্য়াপক অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে । এনে অভিযোগৰ মাজতেই এইবাৰ বঙাইগাঁও জিলাৰ ছিপনছিলা উপ পশু চিকিৎসা কেন্দ্ৰ নিৰ্মাণত অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে । এই অভিযোগ উত্থাপন কৰিছে আক্ৰাছুৰ প্ৰাক্তন নেতা বিশ্বজিৎ ৰায়ে ।

লগতে পঢ়ক:BCMS Protest in Dibrugarh : বিভিন্ন সমস্যা সমাধানৰ দাবীত ডিব্ৰুগড়ৰ শ্ৰম আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত চাহ শ্ৰমিকৰ প্ৰতিবাদ

আক্ৰাছুৰ প্ৰাক্তন নেতা বিশ্বজিৎ ৰায়ে কয় যে কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদৰ একাংশ বিষয়ববীয়াৰ ক্ষমতাই মূৰত ধৰিছে ৷ ক্ষমতা আৰু ব্যক্তিগত লাভালাভৰ বাবে নিজ জাতি আৰু মাটি-ভেঁটীৰ কথা পাহৰি দূৰ্নীতি-কেলেংকাৰীত নিমজ্জিত হৈ পৰিছে একাংশ কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদৰ সদ্যস ৷ তেওঁ পুনৰ কয় যে কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদত উন্নয়নৰ নামত আঁচনি ৰূপায়ন কৰি কেৱল কমিছনৰ বজাৰ বহুৱাইছে একাংশই ৷ নিৰ্দিষ্ট কেইজনমান ঠিকাদাৰৰ হতুৱাই বিভিন্ন আঁচনিৰ কাম কৰা দেখুৱাই কমিছন সংগ্ৰহত নামি পৰিছে কে এ চিৰ একাংশ বিষয়া,সদ্যস্যই ৷

লগতে পঢ়ক:ASHA Workers Protest: চিকিৎসালয়ত দুৰ্ব্যৱহাৰ; চিকিৎসকৰ বিৰুদ্ধে ক্ষোভিত আশা কৰ্মীৰ প্ৰতিবাদ

বঙাইগাঁও জিলাৰ ছিপনছিলাত নিৰ্মাণ কৰা উপ পশু চিকিৎসা কেন্দ্ৰৰ এটা গৃহত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উঠিছে ৷ কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদৰ বিত্তিয় বৰ্ষ ২০২১-২০২২ ৰ পশু চিকিৎসা বিভাগৰ ছিপনছিলা উপ পশু চিকিৎসা কেন্দ্ৰৰ নতুন কৈ গৃহ নিৰ্মাণৰ বাবে কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদে দহ লাখ নিৰ্ধাৰণ কৰিছিল যদিও উক্ত গৃহটো অতি নিম্নমানৰ হোৱাৰ অভিযোগ উত্থাপন কৰিছে আক্ৰাছুৰ প্ৰাক্তন নেতাগৰাকীয়ে । সাধাৰণ এটা সৰু ঘৰ সাজিয়ে ধন আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷

লগতে পঢ়ক:Assamese Traditional instrument: নীৰৱে নিতালে অসমীয়া সংস্কৃতিৰ ভঁড়াল চহকী কৰিছে বোধেন পাচনিয়ে

ABOUT THE AUTHOR

...view details