বঙাইগাঁও, 9 জানুৱাৰী :আপোনাৰ যদি চৰকাৰী ঘৰ নাই, তেন্তে এতিয়াৰ পৰা চিন্তা কাৰৰ কোনো কাৰণ নাই ৷ মাত্ৰ গাঁও পঞ্চায়তৰ বিষয়ববীয়াসকলক সন্তুষ্ট কৰিলেই হ’ল ৷ যেতিয়া চৰকাৰী ঘৰৰ বাবে ফটো বা অইন কাগজ-পাতি যুগুত কৰিবলৈ আহে, তেতিয়াই পঞ্চায়তৰ বিষয়ববীয়াসকলক চাহ-তামোল খাবলৈ মাত্ৰ 2000 নাইবা 3000 টকা দিলেই হৈ যাব ৷
পিছে ৰ’ব ৷ এই কথা আমাৰ নহয় ৷ এয়া একাংশ বঙাইগাঁওবাসীৰ মন্তব্য ৷ দীৰ্ঘদিনৰ পৰা এনে কৰ্মকাণ্ড সংঘটিত হৈ আহিছে বঙাইগাঁও জিলাৰ অন্তৰ্গত একাংশ গাঁও পঞ্চায়তত ৷ বঙাইগাঁৱৰ সহজ-সৰল গাঁওবাসীক এতিয়া একাংশ চৰকাৰী কৰ্মচাৰীয়ে অতিষ্ঠ কৰি তুলিছে (Corruption in PMAY scheme)৷
যি সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতি গ্ৰহণ কৰি দুৰ্নীতি পৰায়ন বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে (Assam govt zero tolerance against corruption), সেই সময়তে বঙাইগাঁও জিলাৰ টাপাট্টাৰী উন্নয়ন খণ্ডৰ পিৰাধৰা গাঁও পঞ্চায়তত দেখা গৈছে এক সম্পূৰ্ণ বিপৰীত ছবি ।
বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম উন্নয়ন খণ্ডৰ অন্তৰ্গত পিৰাধৰা গাঁও পঞ্চায়তৰ পিৰাধৰা গাঁৱৰ সদস্য আবু হানিফ আৰু দালাল সদৃশ হাছেন আলীৰ বিৰুদ্ধে মাটি পট্টাকৰণ আৰু PMAY গৃহ দিয়াৰ বাবে হিতাধিকাৰীৰ পৰা 2000 পৰা 3000 টকা লৈকে ধন লোৱাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷ এই অভিযোগ উত্থাপিত কৰিছে হিতাধিকাৰীসকলে ।