বঙাইগাঁও, 7 ছেপ্টেম্বৰ : বঙাইগাঁও জিলাৰ গোলাপাৰা-বাংলাপাৰা গাওঁ পঞ্চায়তত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আৱণ্টনৰ নামত চৰম দুৰ্নীতিৰ অভিযোগ ৷ মৃত ব্যক্তিৰ নামত, একাধিক ব্যক্তিৰ নামত দুটা দুটা গৃহ আৱন্টন দি লাখ লাখ টকা আত্মসাৎ কৰাৰ অভিযোগ ৰাইজৰ ৷
বঙাইগাওঁ জিলাৰ সৃজনগ্ৰাম উন্নয়ন খণ্ডৰ অন্তৰ্গত গোলাপাৰা প্ৰথম খণ্ডত বৃহস্পতিবাৰে ৰাইজে সাব্যস্ত কৰে প্ৰতিবাদ ৷ সৃজনগ্ৰাম ৰাজহ চক্ৰৰ অন্তগৰ্ত গোলাপাৰা-বাংলাপাৰা গাওঁ পঞ্চায়ত দুৰ্নীতিৰ ভূ-স্বৰ্গত পৰিণত হোৱাৰ অভিযোগ ৰাইজৰ ৷ 2022-23 বৰ্ষত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আৱণ্টনৰ নামত সৃজনগ্ৰাম ৰাজহ চক্ৰৰ অন্তগৰ্ত গোলাপাৰা দ্বিতীয় খণ্ড গাঁৱৰ সাধন চন্দ্ৰ দাসৰ পৰিয়ালে 9 টাকৈ গৃহ লাভ কৰাৰ ঘটনাই অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ অঞ্চলটোত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ দুবাৰ কৈ লাভ কৰিছে কেইবাজনো ব্যক্তিয়ে ৷
লগতে পঢ়ক :Akhil Gogoi: 23 বছৰ চৰকাৰত থাকি কেৱল নিজৰ সম্পত্তি গঢ়িলে হিমন্ত বিশ্ব শৰ্মাই; অখিল গগৈ