বঙাইগাঁও, 29 জুলাই:বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী সমষ্টিৰ বিধায়ক আব্দুল বাতিন খন্দকাৰৰ কামকাজ তথা ব্যৱহাৰত অতিষ্ঠ হৈ একাংশ জ্যেষ্ঠ কংগ্ৰেছী নেতাই পদত্যাগ কৰে (Many congress leaders resign from Congress at Manikpur) । পদত্যাগ কৰিয়েই এখন সংবাদমেল আয়োজন কৰি বিধায়কগৰাকীৰ বিৰুদ্ধে কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন কৰে এই নেতাকেইগৰাকীয়ে (Allegation against Abdul Batin Khandakar) ।
সংবাদমেলত বিধায়ক আব্দুল বাতিন খন্দকাৰক পৰিভ্ৰমী চৰাই আখ্যা দি মেনেজ কৰাত পাকৈত বুলি অভিযোগ উত্থাপন কৰে দলত্যাগী নেতাসকলে ৷ লগতে অঞ্চলটোৰে পাৰ হৈ যোৱা আই নদীখনৰ গৰাখহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত কোনো ব্যৱস্থা আগতীয়াকৈ নোলোৱাৰ বাবেই খহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰা বুলি মন্তব্য কৰে দলত্যাগী নেতাসকলে । আনহাতে বিধায়ক পুঁজিৰ ধনৰ অপব্যৱহাৰ কৰা বুলিও এক গুৰুতৰ অভিযোগ উত্থাপন কৰে দলত্যাগী নেতাসকলে ৷