বঙাইগাঁও, 11 নৱেম্বৰঃবুধবাৰে বঙাইগাঁৱৰ চেচাঁপানী গাঁৱত নিখিল ভাৰত কৃষক সভাই ৰূপায়ণ কৰে এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৷ আই নদীৰ গৰাহখহনীয়াৰ স্থায়ী সমাধানৰ দাবী জনাই দিনৰ এঘাৰ বজাৰ পৰা সংগঠনটোৰ অভয়াপুৰী আঞ্চলিক সমিতিয়ে সাব্যস্ত কৰে প্ৰতিবাদ ৷ প্ৰতিবাদকাৰীসকলৰ অভিযোগ, প্ৰতিবছৰে সমগ্ৰ গাঁওখন আই নৈৰ পানীৰে বাৰিষা সময়ত ডুবি থাকে ৷ উপযুক্ত মথাউৰি নিৰ্মাণ নকৰাৰ বাবেই দুৰ্ভোগ ভুগিব লগা হয় অঞ্চলটোৰ ৰাইজে ৷ কিন্তু এইক্ষেত্ৰত কোনোধৰণৰ কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ ৷
বঙাইগাঁৱত নিখিল ভাৰত কৃষক সভাৰ প্ৰতিবাদ - অৱস্থান ধৰ্মঘট কাৰ্যসূচী
বুধবাৰে বঙাইগাঁৱৰ চেচাঁপানী গাঁৱত নিখিল ভাৰত কৃষক সভাই ৰূপায়ণ কৰে এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৷ প্ৰতিবাদকাৰীসকলৰ অভিযোগ প্ৰতিবছৰে সমগ্ৰ গাঁওখন আই নৈৰ পানীৰে বাৰিষা সময়ত ডুবি থাকে ৷ উপযুক্ত মথাউৰি নিৰ্মাণ নকাৰাৰ বাবেই দুৰ্ভোগ ভুগিব লগা হয় অঞ্চলটোৰ ৰাইজে ৷ যাৰ পৰিপ্ৰেক্ষিতত সংগঠনটোৱে অতিশীঘ্ৰে উপযুক্ত মথাউৰি নিৰ্মাণৰ দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ৷
![বঙাইগাঁৱত নিখিল ভাৰত কৃষক সভাৰ প্ৰতিবাদ All India Krishak Sabha Protest in Bongaigaon](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9516874-739-9516874-1605115095856.jpg)
বঙাইগাঁৱত নিখিল ভাৰত কৃষক সভাৰ প্ৰতিবাদ
যাৰ পৰিপ্ৰেক্ষিতত সংগঠনটোৱে অতিশীঘ্ৰে উপযুক্ত মথাউৰি নিৰ্মাণৰ দাবী উত্থাপন কৰে ৷ তদুপৰি বানপানীত ক্ষতিগ্ৰস্ত হোৱা লোকসকলকো শীঘ্ৰে ক্ষতিপূৰণ আৰু গৃহহীণ হৈ মথাউৰিতে জীৱন নিৰ্বাহ কৰা সকলক আশ্ৰয় প্ৰদান কৰিবলৈও দাবী জনায় প্ৰতিবাদকাৰীসকলে ৷