মাণিকপুৰ, 25 ছেপ্টেম্বৰ :বঙাইগাঁও জিলাৰ মাণিকপুৰ অৰ্ধ সাপ্তাহিক বজাৰ গৃহত সোমবাৰে বঙাইগাঁও আৰু চিৰাঙ জিলাৰ গণতান্ত্ৰিক মহিলা সমিতিয়ে দুই ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে । মাণিকপুৰৰ লগতে হাৰিয়ানা, মণিপুৰ আদিকে ধৰি ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত মহিলাক নিৰ্যাতন কৰা ঘটনাৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে নিত্য সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ, মহিলাৰ সংৰক্ষিত আসন গৃহীত কৰা, জীৱন দায়িনী ঔষধৰ মূল্য বৃদ্ধি ৰোধ কৰা, নাৰীক সুৰক্ষা প্ৰদান কৰা আদি বিভিন্ন দাবীক লৈ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ।
প্ৰতিবাদকাৰী মহিলাসকলে বিভিন্ন শ্ল’গান দি মহিলাসকলক নিৰ্যাতন কৰা বন্ধ কৰাৰ লগতে ৰন্ধন গেছৰ আৰু নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ কৰিবলৈ মুখ্যমন্ত্ৰী লৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে । উল্লেখ্য যে, সম্প্ৰতি নাৰীৰ নিৰাপত্তা নোহোৱা হৈছে । দিল্লীৰ নিৰ্ভয়া কাণ্ড, উত্তৰ প্ৰদেশৰ হাথৰছৰ ঘটনা, মণিপুৰৰ বিবেকহীন লজ্জাজনক ঘটনাই অকল নাৰী সমাজকেই নহয়; সচেতন ৰাইজক শংকিত কৰি তুলিছে ।