বঙাইগাঁও, 13 অক্টোবৰ :অৱশেষত 36 ঘন্টাৰ পাচত বঙাইগাঁও জিলা প্ৰশাসনে পৰিদৰ্শন কৰিলে অক্ষয় চান্দ বৈদৰ ভস্মীভূত গুদাম ঘৰ । বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদৰ পাচতে জিলা প্ৰশাসনে পৰিদৰ্শন কৰিলে গুদাম ঘৰটো । অসম আৰক্ষীৰ উপ পৰিদৰ্শক নিযুক্তি কেলেংকাৰীৰ প্ৰশ্নকাকতৰ ঠিকা লাভ কৰা অন্যতম অভিযুক্ত বঙাইগাঁৱৰ ব্যৱসায়ী অক্ষয় চান্দ বৈদৰ ঘৰত শনিবাৰে নিশা চি আই ডিয়ে তালাচী চলোৱাৰ পাচতে দেওবাৰে পুৱাৰ ভাগত গুদাম ঘৰ দুটা সন্দেহজনকভাৱে জ্বলি উঠিছিল ৷
কেলেংকাৰীৰ নথিসহ গুদাম ঘৰটো জ্বলাই দিয়াৰ সন্দেহ কৰি বঙাইগাঁৱৰ বিভিন্ন দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰাত 36 ঘন্টাৰ পাচত বঙাইগাঁও জিলা প্ৰশাসনৰ তৰফৰ পৰা অতিৰিক্ত উপায়ুক্ত আৰু বঙাইগাঁও জিলা আৰক্ষী অধীক্ষকে পৰিদৰ্শন কৰে গুদাম ঘৰটো ।