অসম

assam

By

Published : Sep 20, 2019, 12:42 PM IST

ETV Bharat / state

অভয়াপুৰীত অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ

আক্ৰাছুৱে আহ্বান জনোৱা ১২ ঘন্টীয়া অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰিলক্ষিত হ'ল নামনি অসমত ৷ বন্ধৰ সময়ছোৱাত দোকান পোহাৰ, যানবাহন চলাচল বন্ধ থাকে অভয়াপুৰীত ৷

১২ ঘন্টীয়া অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ

অভয়াপুৰী, 20 চেপ্তেম্বৰঃ শুকুৰবাৰে সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাই জনোৱা ১২ ঘন্টীয়া অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰিলক্ষিত হ'ল নামনি অসমত ৷ নামনি অসমৰ অভয়াপুৰীত দেখা গ'ল বন্ধৰ সৰ্বাত্মক প্ৰভাৱ ৷ আক্ৰাছুৱে আহ্বান জনোৱা বন্ধৰ সময়ছোৱাত সকলো দোকান পোহাৰ বন্ধ থকাৰ লগতে যান বাহনৰো চলাচল বন্ধ থাকে ৷

অভয়াপুৰীত অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ
কোচ-ৰাজবংশী জনগোষ্ঠীৰ লোকসকলক বিনাচৰ্তে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত নাম অন্তৰ্ভুক্ত কৰাৰ দাবীত সংগঠনটোৱে আহ্বান জনাইছিল এই বন্ধৰ ৷ সদ্য প্ৰকাশিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত তালিকাত বহু কোচ ৰাজবংশী লোকৰ নাম অন্তৰ্ভুক্ত নোহোৱাত ক্ষুব্ধ হৈ পৰে সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থা ৷ তেওঁলোকৰ দাবী বিনাচৰ্তে কোচ ৰাজবংশী লোকসকলক এন আৰ চিত অন্তৰ্ভুক্ত নকৰিলে অনাগত দিনত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ হুংকাৰ দিয়ে ৷
অভয়াপুৰীত অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ

ABOUT THE AUTHOR

...view details