মাণিকপুৰ, 28 আগষ্ট : ৰাজ্যত ভদীয়া বানৰ তাণ্ডৱ চলি আছে ৷ ভদীয়া বানৰ তাণ্ডৱৰ মাজতে বঙাইগাঁও জিলাৰ মাণিকপুৰৰ বিভিন্ন অঞ্চলত বানৰ ভয়ংকৰ ৰূপ । হঠাতে বাঢ়ি অহা আই নদীৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে বৃহত্তৰ অঞ্চল । বাশবাৰী, ভাণ্ডাৰা, বালাৰপেট টেনটনপুৰ, কাহীবাৰী, হালধীবাৰী, বালাৰচৰ, কীৰ্তনপাৰা আদিকে ধৰি কুৰি খনৰো অধিক গাঁও জলমগ্ন হৈ পৰিছে ৷ হঠাৎ বাঢ়ি অহা পানী দেখি ভীতিগ্ৰস্ত হৈ পৰে স্থানীয় ৰাইজ ৷ নিজ নিজ সন্তানৰ সুৰক্ষাৰ বাবে সকলো ওলাই আহে দৌৰি ৷
কীৰ্তনপাৰাৰ ডাঙাইগাঁও সংযোগী গড়কাপ্তানি পথৰ ওপৰেদি বাগৰিছে বাঢ়নী পানী । যাতায়ত ব্যৱস্থা হৈ পৰিছে ব্যাহত । বিপদসংকুল হৈ পৰাৰ পিচতো স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে মৰণক শৰণ দি এইদৰে এবুকু পানীৰ মাজেৰে আগবাঢ়িছে নিজৰ ঘৰলৈ বুলি । ইফালে ট্ৰেক্টৰৰ ওপৰত উঠি ৰাস্তা পাৰ হ’ব লগীয়া হৈছে বাইক আৰোহী, পথচাৰী, পুৰুষ তথা স্থানীয় মহিলাসকল ।