মাণিকপুৰ, 29 জুন :ৰাজ্যত বাৰিষাৰ আগমনৰ লগে লগে বান আৰু গৰাখহনীয়া সমস্যাই ভয়াৱহ ৰূপ ধাৰণ কৰে ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বঙাইগাঁও জিলাৰ উত্তৰ অভায়াপুৰী সমষ্টিৰ মাজেৰে বৈ যোৱা আই নদীৰ গৰাখহনীয়াই পুনৰ আতংকৰ সৃষ্টি কৰিছে জাৰাগুৰিত । উল্লেখযোগ্য যে, যোৱা বছৰ আইনদীৰ গৰাখহনীয়াই কালৰূপ ধাৰণ কৰাৰ পাচতে তদানীন্তন জলসম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই দুবাৰ, মন্ত্ৰী ফনীভূষণ চৌধুৰীয়ে কেইবাৰো উপস্থিত হৈ পৰিদৰ্শন কৰিছিল গৰাখহনীয়াস্থলী ৷ একেদৰে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও গৰাখহনীয়াস্থলী পৰিদৰ্শন কৰি খহনীয়া ৰোধৰ প্ৰতিশ্ৰুতি দিছিল ৷ কিন্তু যদিও বিভাগীয় কৰ্তৃপক্ষই নামমাত্ৰ এমজিএনৰেগা আঁচনিৰ কাম ৰিং বান্ধ দি দায়িত্ব সামৰে যদিও সম্প্ৰতি ৰিং বান্ধ খহিবলৈ আৰম্ভ কৰিছে অঞ্চলটোত ।
স্থানীয় লোকৰ অভিযোগ অনুসৰি কোনো বিজ্ঞান সন্মতভাবে কাম নকৰাৰ বাবে এইবাৰ পুনৰ খহনীয়া আৰম্ভ হৈছে অঞ্চলটোত ৷ সম্প্ৰতি এই গৰাখহনীয়াৰ ফলত কৃষিভূমি আৰু মানুহৰ ঘৰ দুৱাৰ নদীৰ বুকুত জাহ যাবলৈ আৰম্ভ কৰিছে । একেদৰে যোৱা বছৰ আইনদীয়ে সুতি সলনি কৰি ভাণ্ডাৰা হৈ মানাহ নদীৰ ফালে ধাবিত হোৱা ঠাইত পুনৰ খহনীয়া আৰম্ভ হোৱাৰ লগে লগে কাষতে থকা গড়কাপ্তানি পথটোৰ প্ৰতি ভাবুকি আহি পৰিছে ।