বঙাইগাঁও, ১৯ আগষ্ট: বঙাইগাঁও জিলাৰ মানিকপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ২নং বাশবাৰীত আই নদীৰ ভয়ংকৰ খহনীয়া অব্যাহত । কেইবাখন গাঁৱৰ ঘৰ দুৱাৰ ভেটি মাটি নদীত জাহ যোৱাৰ পিছত কীৰ্ত্তনপাৰা ডাঙাইগাঁও সংযোগী গড়কাপ্তানি পথটোৰ ২নং বাশবাৰীত গৰাখহনীয়াৰ কবলত পৰিছে । ইতিপূৰ্বে জি অ' বেগৰ বান্ধ নিৰ্মাণ কৰি পথটো ৰক্ষা কৰিবলৈ যি ব্যৱস্থা লোৱা হৈছিল সেয়া ফুটুকাৰ ফেনত পৰিণত হৈছে । কোনো ধৰণৰ কাৰিকৰী নিৰীক্ষণ নোহোৱাকৈ কাম কৰিলে সেই কামে যে স্থায়ী সমাধান দিব নোৱাৰে তাকেই প্ৰমান কৰিলে ।
গৰাখহনীয়াৰ ৰোধ কৰাৰ বাবে যি জি অ' বেগেৰে নদীৰ গতি বেগ সলনি কৰাৰ যি পৰিকল্পনা কৰিছিল সেই পৰিকল্পনা সঠিকভাৱে ব্যৱহাৰ নোহোৱা বাবেই গৰাখহনীয়াই হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছে । যোৱা দশকত এই ২ নং বাশবাৰীত ২৫০ টা পৰিয়াল গৰাখহনীয়াৰ কৱলত পৰি সৰ্বস্ব হেৰুৱাই পথৰ ভিক্ষাৰীত পৰিণত হৈছে । তেওঁলোকে ৰাস্তাৰ দাঁতিত সহৱস্থান কৰিব লগা হৈছে । ইতিমধ্য়ে অসমৰ মানচিত্ৰৰ পৰা গাঁৱখন নোহোৱা হৈ গৈছে ।