অসম

assam

ETV Bharat / state

উত্তৰ অভয়াপুৰীত আই নদীৰ তাণ্ডৱ

উত্তৰ অভয়াপুৰীৰ তিলপুখুৰী কাহিবাৰীত আই নদীৰ তাণ্ডৱ। আই নদীৰ পানীত অঞ্চলটোৰ সাতটা পৰিয়ালৰ ভেটি মাটি উছন । খহনীয়াৰ ভয়ত আতংকিত গাওঁবাসী

উত্তৰ অভয়াপুৰীত আই নদীৰ তাণ্ডৱ

By

Published : Jun 29, 2019, 2:10 PM IST

Updated : Jun 29, 2019, 2:43 PM IST

উত্তৰ অভয়াপুৰী 29 জুন : বঙাইগাওঁ জিলাৰ উত্তৰ অভয়াপুৰী সমষ্টিৰ তিলপুখুৰী কাহিবাৰীত আই নদীৰ গৰাখহনীয়াই ৰূদ্ৰ মূৰ্তি ধাৰণ কৰাত শংকিত হৈ পৰিছে গাঁওবাসী । নৈ খনৰ পানী বাঢ়ি অহাৰ লগে লগে অঞ্চলটোত সৃষ্টি হৈছে গৰা খহনীয়া ৷ দুদিনৰ ভিতৰতে নৈ খনৰ বুকুত জাহ গ'ল সাতটা পৰিয়ালৰ ভেটি মাটি । শ শ বিঘা মৰাপাটৰ খেতি পথাৰ নৈৰ বুকুত জাহ যোৱাত কৃষকৰ মাজত সৃষ্টি হৈছে তীব্ৰ হাহাকাৰ ।

খহনীয়াৰ আতংকত বহু পৰিয়ালে নিজৰ ভেটি মাটি এৰি নিৰাপদ স্থানলৈ গতি কৰিছে । এইক্ষেত্ৰত জিলা প্ৰশাসন আৰু স্থানীয় বিধায়ক আব্দুল হাই নাগৰিৰ ভুমিকাত ক্ষোভ প্ৰকাশ কৰিছে অঞ্চলটোৰ স্থানীয় ৰাইজে ।

উত্তৰ অভয়াপুৰীত আই নদীৰ তাণ্ডৱ
Last Updated : Jun 29, 2019, 2:43 PM IST

ABOUT THE AUTHOR

...view details